বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে বিজেপিক দুৰ্বল কৰা মানে ভাৰতৰ বিশ্বব্যাপী নেতাৰ পদ অৰ্জনৰ পথত বাধাৰ সৃষ্টি কৰা । সূৰ্য-চন্দ্ৰ থকালৈকে বিজেপি দলে দেশৰ সেৱা কৰিব । যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৱাকফ বিলৰ দৰে ঐতিহাসিক আইন গৃহীত নহ’লহেঁতেন । যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৩৭০ অনুচ্ছেদ বিলুপ্ত নহ’লহেঁতেন বা সংখ্যালঘু মহিলাসকলে তিনি তালাকৰ পৰা ন্যায় নাপালেহেঁতেন ।
প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপিক দুৰ্বল কৰাৰ অৰ্থ কোনো ব্যক্তিক দুৰ্বল কৰা নহয় । ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় গৌৰৱক দুৰ্বল কৰা । বিজেপিক দুৰ্বল কৰা মানে ভাৰতবৰ্ষক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ পথত বাধাৰ সৃষ্টি কৰা । শৰ্মাই প্ৰতিজন দলীয় কৰ্মীক ভাৰতক বিশ্বব্যাপী নেতা হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
তেওঁ কয় যে আগন্তুক সময়ত প্ৰগতি আৰু শক্তিৰ দিশত আগবাঢ়ি যোৱা দলটোক বহু শ্ৰেণীয়ে দুৰ্বল আৰু বদনাম কৰাৰ চেষ্টা কৰিব । চচিয়েল মিডিয়াৰ সহায়ত বিজেপিক বদনাম আৰু দুৰ্বল কৰিব পাৰে । গতিকে আমি ছ’চিয়েল মিডিয়াতো শক্তিশালী হ’ব লাগে যাতে আমি ৰাইজৰ মাজত ইতিবাচক কথা বিয়পাব পাৰো । শৰ্মাই কয় যে ৰাম মন্দিৰ নিৰ্মাণ কেৱল এটা সাধাৰণ মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়া নহয় বৰঞ্চ ৫০০ বছৰীয়া দাসত্বৰ পৰা নিজকে মুক্ত কৰাৰ নিদৰ্শন । ব্যক্তিগত আকাংক্ষাৰ আগত ৰাষ্ট্ৰ আহে আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ আগত একো নাহে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
তেওঁ কয় যে যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৱাকফ বিলৰ দৰে ঐতিহাসিক আইন গৃহীত নহ’লহেঁতেন । যদি বিজেপি নাথাকিলহেঁতেন তেন্তে ৩৭০ অনুচ্ছেদ বিলুপ্ত নহ’লহেঁতেন বা সংখ্যালঘু মহিলাসকলে তিনি তালাকৰ পৰা ন্যায় নাপালেহেঁতেন । বিজেপি অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হ’ব নোৱাৰে । অসমৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিজেপিয়ে ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । সেইবাবেই প্ৰতিখন স্বায়ত্তশাসিত পৰিষদ, পৌৰসভা আৰু পঞ্চায়তত বিজেপিৰ ক্ষমতা আছে । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপিয়ে সমাজৰ গৌৰৱ উন্নীত কৰি অসমীয়া সমাজখনক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে ।
ইয়াৰ পূৰ্বে অসম বিজেপিৰ মুৰব্বী দিলীপ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ নেতা আৰু সাধাৰণ সদস্যৰ উপস্থিতিত দলৰ পতাকা উত্তোলন কৰে । শৰ্মাই কয় যে ৰাষ্ট্ৰীয়তাবাদৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সেইসকল কৰ্মীলৈ মোৰ শ্ৰদ্ধাঞ্জলি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ আকাংক্ষা পূৰণৰ লগতে ভাৰতৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠা কৰাৰ মাধ্যমত পৰিণত হৈছে ।