১০ হাজাৰ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে শুনা গৈছে ডাইৰ উলফ (Dire Wolf)ৰ গৰ্জন । জানক ৰোমুলাছ আৰু ৰেমুছৰ বিষয়ে- বিশ্বৰ প্ৰথম বিলুপ্ত প্ৰাণী, যাৰ পুনৰ জন্ম হৈছিল ২০২৪ চনৰ ১ অক্টোবৰত । জিনীয় এডিটিঙৰ জৰিয়তে পুনৰ ঘূৰাই অনা হৈছে এইবিধ প্ৰাণীক ।
কল’ছাল বায়’ছায়েন্সেছৰ বিজ্ঞানীসকলে জেনেটিক এডিটিং ব্যৱহাৰ কৰি এই প্ৰজাতিটো সৃষ্টি কৰিছে । ১১,৫০০ৰ পৰা ৭২,০০০ বছৰৰ ভিতৰৰ জীৱাশ্মত পোৱা প্ৰাচীন ডি এন এ ব্যৱহাৰ কৰি এইবোৰ সযতনে পুনৰ নিৰ্মাণ কৰা হৈছিল ।
কলছাল বায়’ছায়েন্সেছে কয় যে তেওঁলোকৰ লক্ষ্য আছিল বিলুপ্ত প্ৰজাতিসমূহ ঘূৰাই অনাৰ বাবে চি আৰ আই এছ পি আৰ প্ৰযুক্তি সফলতাৰে ব্যৱহাৰ কৰা প্ৰথমটো কোম্পানী হোৱা । ৰোমুলাছ আৰু ৰেমুছে কুকুৰ পোৱালিৰ দৰে খেলি আছে যদিও ইহঁত সাধাৰণ কুকুৰ পোৱালিতকৈ পৃথক ।
৬ মহীয়া কুকুৰ পোৱালিৰ আকাৰ সাধাৰণ উলফ বেলেগ-
বৰফৰ দৰে বগা ৰঙৰ এই ৬ মহীয়া পোৱালিৰ মাজত কিছু বিশেষ কথা আছে – বিশেষকৈ ইহঁতৰ আকাৰ । সিহঁতৰ কম বয়সত ইতিমধ্যে ইহঁতৰ ওখ প্ৰায় ৪ ফুট, ওজন ৮০ পাউণ্ড (৩৬.২৮ কিলোগ্ৰাম) । ৬ ফুট আৰু ১৫০ পাউণ্ড (৬৮ কিলোগ্ৰাম) পৰ্যন্ত বৃদ্ধি হ’ব পাৰে ।
ইহঁত আকাৰত ডাঙৰ । ইহঁতৰ আচৰণ বনৰীয়া উলফৰ দৰে । মানুহৰ পৰা দূৰত্ব বজাই ৰাখে । ওচৰলৈ আহিলে পিছুৱাই যায় । সিহঁতে নিজৰ দূৰত্ব বজাই ৰাখে, কোনো ব্যক্তি কাষ চাপিলে পিছুৱাই যায় । আনকি জন্মৰ পৰাই সিহঁতক ডাঙৰ-দীঘল কৰা সকলো ওচৰলৈ যাবলৈ দ্বিধাবোধ কৰে ।
আমেৰিকাৰ ভেনিজুৱেলাৰ পৰা দক্ষিণে কানাডাৰ উত্তৰলৈ-
এয়া ঘৰচীয়া কুকুৰৰ আচৰণ নহয়, এয়া বনৰীয়া উলফৰ আচৰণ । এসময়ত এই উলফে আমেৰিকাত বিস্তৃত অঞ্চলত ঘূৰি ফুৰিছিল, ভেনিজুৱেলাৰ পৰা দক্ষিণে কানাডাৰ উত্তৰ দিশলৈকে বিস্তৃত আছিল যদিও ১০ হাজাৰ বছৰতকৈও অধিক সময় ধৰি এটাও দেখা পোৱা নাই ।
বিজ্ঞানীসকলে জেনেটিক ইঞ্জিনিয়াৰিং আৰু প্ৰাচীন ডি এন এ ব্যৱহাৰ কৰি ডায়ৰ উলফৰ জিনম বুজি লয় । সাধাৰণ ধূসৰ উলফ জেনেটিক ক’ডটো তাৰ লগত মিলাবলৈ পুনৰ লিখা হৈছিল । তেওঁলোকে ঘৰচীয়া কুকুৰক চাৰগেট মাতৃ হিচাপে ব্যৱহাৰ কৰি ৰোমুলাছ, ৰেমুছ আৰু খালীছিক পৃথিৱীলৈ আনে । এইবাৰ প্ৰথমবাৰৰ বাবে বিলুপ্ত প্ৰজাতি ঘূৰাই অনা হৈছে । খালীছিৰ বয়স দুমাহ, ৰোমুলাছ আৰু ৰেমুছৰ ভগ্নী ।
বহুতো বিলুপ্ত জীৱক পুনৰ জীৱন্ত কৰি তোলাৰ পৰিকল্পনা-
এই বিশাল কোম্পানীটোৱে ডায়ৰ উলফৰ বাহিৰেও আন জীৱ-জন্তুও ঘূৰাই আনিব বিচাৰে, য’ত আছে উলীয়া মেমথ, ড’ড’, থাইলেচিন । মাৰ্চ মাহত তেওঁলোকে মেমথৰ দৰে বৈশিষ্ট্য থকা উলীয়া নিগনি এটাৰ সৃষ্টি হোৱাৰ বাতৰি দিছিল । ক’ল’ছালে কয় যে তেওঁলোকৰ প্ৰযুক্তিয়ে কেৱল বিলুপ্ত প্ৰজাতি ঘূৰাই অনাই নহয়, বিলুপ্তপ্ৰায় প্ৰাণীকো ৰক্ষা কৰিব পাৰে ।