অতিজৰে পৰা মুখত গোলাপ জল লগোৱাৰ পৰামৰ্শ দিয়ে।গোলাপ জলত ভিটামিন চি, এণ্টিসেপ্টিক, এণ্টিব্যাকটেৰিয়েল আৰু এণ্টিঅক্সিডেণ্ট গুণৰ লগতে বহুতো পুষ্টি উপাদানৰ ভাল পৰিমাণ পোৱা যায়।
শীতকাল হওক বা গ্ৰীষ্মকাল হওক, প্ৰায় প্ৰতিটো ঋতুতে নিশ্চিতভাৱে ছালৰ সকলো সমস্যা আঁতৰাবলৈ গোলাপ জল ব্যৱহাৰ কৰোঁ।
গোলাপ জলে ছাল সম্পৰ্কীয় সমস্যাবোৰ আঁতৰ কৰাৰ লগতে ইয়াৰ দৈনন্দিন ব্যৱহাৰৰ দ্বাৰা ছাল উজ্জ্বল কৰি তোলে।
ই আপোনাৰ ছালখন অতি সতেজ কৰি তোলে। প্ৰতিদিনে মুখত গোলাপ জল ব্যৱহাৰ কৰিলে ছাল সম্পৰ্কীয় বহু সমস্যা নোহোৱা হয়।
গোলাপ জলে প্ৰাকৃতিক এন্টি এজিং এজেণ্ট হিচাপে কাম কৰে ৷ ইয়াত প্ৰচুৰ এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে অকাল বয়স বৃদ্ধিৰ কাৰণ হোৱা ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে ৷
ই মানসিক চাপ কমায় আৰু মুখৰ ৰেখা, বলিৰেখা, দাগ ভাল কৰে ৷ নিয়মিতভাৱে গোলাপ জল ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ সৌন্দৰ্যতা সদায় অটুত থাকিব ৷
সতেজ গোলাপৰ পাহিৰে মুখৰ বাবে সতেজ টোনাৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে, এটা চচপেনত পানী দি গোলাপৰ পাহিখিনি উতলাব।
যেতিয়া ই ঠাণ্ডা হ’ব ইয়াক ফিল্টাৰ কৰক আৰু ফ্ৰিজত ৰাখক। এতিয়া আপুনি যিকোনো সময়তে এই হাইড্ৰেটিং আৰু সতেজ টোনাৰ ব্যৱহাৰ কৰিব পাৰে।
ৰাতি শোৱাৰ পূৰ্বে গোলাপ জল লগোৱা বেছি উপকাৰী বুলি ধৰি হয়। ভাল ফল লাভ কৰিবলৈ গোলাপ জলৰ লগত ভিটামিন ইৰ কেপচুল ভালকৈ মিশ্ৰিত কৰি ব্যৱহাৰ কৰিব পাৰে।
গোলাপ জল আৰু গাখীৰ মিলাইও ছালত ব্যৱহাৰ কৰিব পাৰে। যিয়ে আপোনাৰ ছাল খনক নিমজ আৰু উজ্জ্বল কৰিব পাৰে।