কাইলৈ আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এই নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ ওলাইছে। একে সময়তে কমলা হেৰিছে নিৰ্বাচনত জয়ী হৈ প্ৰথমগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ ইতিহাস সৃষ্টিৰ প্ৰস্তুতি চলাইছে।কিন্তু নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে দেশৰ বৰ্তমানৰ ভোটিং ব্যৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ভোটদানৰ বাবে পৰিচয় পত্ৰ বাধ্যতামূলক কৰাৰ ওপৰত জোৰ দিছে। নিৰ্বাচনৰ বাবে ভোটাৰৰ পৰিচয় পত্ৰ বাধ্যতামূলকভাৱে কাৰ্যকৰী কৰিব লাগে বুলি কয় প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে। পেনচিলভেনিয়াত অনুষ্ঠিত হোৱা এক সভাত ভাষণ দি ট্ৰাম্পে কয় যে “মই নাজানো ভোটদানৰ বাবে আমাৰ হাতত কিয় আইডি কাৰ্ড থাকিব নোৱাৰে নাজানো? ডেম’ক্ৰেটসকলে ভোটাৰ আইডি কাৰ্ড কাৰ্যকৰী কৰাৰ পৰা আঁতৰি থকাৰ এটাই কাৰণ আৰু সেই কাৰণ হ’ল জালিয়াতি।কিন্তু তাতোকৈ লজ্জাজনক কথাটো হ’ল কোনেও এই বিষয়ত কথাও নকয়। কেৱল মইয়ে এই বিষয়ত কথা কৈছো কাৰণ সকলোৱে এই কথা ক’বলৈ বেয়া পায়। ডেম’ক্ৰেটসকলে নিৰ্বাচনী ৰিগিঙৰ অভিযোগ তুলি আপোনাক জেলত ভৰাই দিব বিচাৰে। কিন্তু নিৰ্বাচনত ৰিগিং কৰা লোকসকলক হে জেলত ভৰোৱা উচিত” ।ট্ৰাম্পে বেলট পেপাৰ ব্যৱস্থালৈ সম্পূৰ্ণৰূপে ঘূৰি অহাৰ ওপৰত জোৰ দি কয় যে “বেলট পেপাৰে বহুত ভাল কাম কৰি আছে।কিন্তু ভোটদানৰ বাবে পৰিচয় পত্ৰ বাধ্যতামূলক কৰিব লাগে যাতে যিকোনো ধৰণৰ ৰিগিংৰ পৰা হাত সাৰিব পৰা যায়। ইয়াৰ লগতে নিশা ৯ বজাৰ ভিতৰত ভোটদান প্ৰক্ৰিয়া শেষ হ’ব লাগে” বুলিও তেওঁ কয়।তেওঁ লগতে কয় যে “এতিয়া নিৰ্বাচনত কেইবা সপ্তাহো লাগে। ইমান টকা মেচিনত খৰচ হয় কিন্তু ইয়াৰ পিছতো তেওঁলোকে কয় যে নিৰ্বাচনৰ ফলাফলৰ বাবে আৰু ১২ দিন লাগিব। মঙলবাৰে নিশা ৯ৰ পৰা ১১ বজাৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে”। তেওঁ আৰু কয় যে “কেলিফৰ্ণিয়াত এখন বিধেয়ক গৃহীত হৈছে, য’ত কোৱা হৈছে যে যদি কোনো বিষয়া বা চৰকাৰী পদত থকা কোনো ব্যক্তিয়ে আপোনাৰ পৰিচয় পত্ৰ বিচাৰে, তেন্তে সেয়া অপৰাধৰ পৰিসৰৰ অধিনলৈ আহে।তেওঁলোকে এইবোৰ কেৱল ঠগবাজ কৰিবৰ বাবেই এইকাম কৰে। গোটেই পৃথিৱীখনে আমাক লৈ হাঁহিছে, গতিকে আমি এটা উন্নত ব্যৱস্থা গ্ৰহণ কৰাটো ভাল”। কমলা হেৰিছক লক্ষ্য কৰি ট্ৰাম্পে কয় যে “তেওঁ এগৰাকী দুৰ্নীতিগ্ৰস্ত মহিলা। মই এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ বিৰুদ্ধে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছো।মই ডেম’ক্ৰেটিক পাৰ্টি নামৰ দুৰ্নীতিগ্ৰস্ত মেচিনটোৰ বিৰুদ্ধে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছো। এইটো এটা সম্পূৰ্ণ দুৰ্নীতিগ্ৰস্ত দল”।