ভাৰতীয় টেষ্ট দলৰ অধিনায়ক ৰোহিত শৰ্মাই কিছুদিন ধৰি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই।তেওঁৰ অধিনায়কত্বৰ অধীনত ঘৰুৱা ক্ষেত্ৰত টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে ০-৩ত পৰাস্ত হয়।
ইয়াৰ পিছত দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাল প্ৰদৰ্শন কৰিব নোৱাৰি পৰাস্ত হয়।তেতিয়াৰ পৰাই দলত তেওঁৰ অবিৰত উপস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল।এতিয়া ৰোহিত শৰ্মাই হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে।