ৰাষ্ট্ৰসংঘৰ সংস্থা United Nations Convention to Combat Desertification (UNCCD) আৰু ইউৰোপীয় আয়োগৰ যুটীয়া গৱেষণা কেন্দ্ৰই শেহতীয়াকৈ প্ৰকাশ কৰিছে বিশ্ব মৰুভূমি এটলাছ । ইয়াত কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত বিশ্বৰ প্ৰায় ৭৫% জনসংখ্যা খৰাং পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব । ইফালে ইউ এন চি চি ডি (UNCCD) ত অন্তৰ্ভুক্ত দেশসমূহৰ বৈঠক ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত অনুষ্ঠিত হ’ব ।
এই এটলাছ ইটালীৰ চি আই এম এ ৰিচাৰ্চ ফাউণ্ডেশ্যন, নেদাৰলেণ্ডৰ এখন বিশ্ববিদ্যালয় আৰু ইউএন ইউনিভাৰ্চিটি ইনষ্টিটিউট ফৰ এনভায়ৰনমেণ্ট এণ্ড হিউমেন চিকিউৰিটিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে । ইয়াত শক্তি, কৃষি আৰু ব্যৱসায়ৰ ওপৰত খৰাঙৰ প্ৰভাৱৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে ।
খৰাং কেৱল জলবায়ু সংকট নহয় । ভূমি আৰু পানীৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত মানৱীয় কাৰকে খৰাং আৰু ইয়াৰ প্ৰভাৱ আৰু অধিক ভয়াৱহ কৰি তোলে । মানৱীয় কাৰকসমূহৰ ভিতৰত পানীৰ অপব্যৱহাৰ, বিভিন্ন অঞ্চলৰ মাজত পানীক লৈ প্ৰতিযোগিতা, ভূমিৰ দুৰ্বল ব্যৱস্থাপনা আৰু জলসম্পদৰ দুৰ্বল মূল্যায়ন আদি অন্তৰ্ভুক্ত কৰা হৈছে ।
এটলাছে প্ৰদান কৰা তথ্যই ভৱিষ্যতৰ বিপদসমূহ পৰিচালনা, নিৰীক্ষণ আৰু ভৱিষ্যদ্বাণী কৰাটো সহজ কৰি তোলে । ভাৰতত খৰাঙৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শস্যৰ উন্নতিৰ কথা চৰ্চা হৈছে । ভাৰতত সৰ্বাধিক সংখ্যক লোকে (২৫ কোটিতকৈ অধিক) কৃষি খণ্ডত কাম কৰে । ইয়াত খৰাঙৰ বাবে সৰিয়হ উৎপাদনত বৃহৎ লোকচানৰ অনুমান কৰা হৈছে ।
২০১৯ বৰ্ষত চেন্নাইত ‘ডে জিৰোৰ’ৰ কথা মনত পেলাই কোৱা হৈছে যে পানীৰ উৎসৰ অপব্যৱস্থাপনা আৰু দ্ৰুত নগৰায়নে চহৰখনত জল সংকটৰ সৃষ্টি কৰিছে । চেন্নাইত প্ৰতি বছৰে গড়ে ১৪০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয় । চেন্নাইত বহু জলাশয় আছে । বৰষুণৰ পানী সংগ্ৰহৰ ক্ষেত্ৰতো ই এক পাইলট চিটি হিচাপে পৰিগণিত হৈছে ।
বৰ্তমান আইন মানি নচলা আৰু আড়ম্বৰপূৰ্ণ নগৰ উন্নয়নৰ বাবে জলস্তৰ কমি আহিছে । খৰাঙৰ দিশে আগবাঢ়িছে চেন্নাই । ইয়াৰ পৰা দেখা যায় যে খৰাং সদায় প্ৰাকৃতিক পৰিঘটনা নহয় । ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতত পানী ব্যৱস্থাপনা বিকল হোৱাৰ বাবে উত্তেজনা আৰু চিন্কতা বৃদ্ধি পাইছে ।