শুকুৰবাৰে এদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয়।বাৰাণসী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসী আৰক্ষী আয়ুক্ত, বিভাগীয় আয়ুক্ত আৰু জিলা দণ্ডাধীশৰ পৰা কিছুদিন পূৰ্বে বাৰাণসীত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ বিষয়ে বিতং তথ্য লৈছিল।
প্ৰধানমন্ত্ৰী গৰাকীয়ে বিষয়াসকলক সকলো দোষীক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।
তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত সংঘটিত ধৰ্ষণ কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে সংমণ্ডল আয়ুক্ত, আৰক্ষী আয়ুক্ত আৰু জিলা দণ্ডাধীশৰ সৈতে ঘটনা সন্দৰ্ভত কথা পাতে।
এই জঘন্য অপৰাধৰ লগত জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে বিষয়াসকলক কয়।দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে ব্যাপক আৰু ফলপ্ৰসূ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে শেহতীয়াকৈ বাৰাণসীত ১৯ বছৰীয়া এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ এটা গোচৰ পোহৰলৈ আহিছে। যোৱা ৪ এপ্ৰিলত আৰক্ষীয়ে ভুক্তভোগী যুৱতী গৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে।
এই গোচৰত মুঠ ২৩জন লোকক অভিযুক্ত কৰা হৈছে।১১ জন অচিনাক্ত যুৱকৰ সৈতে মুঠ ২৩ জনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
এই গোচৰত এতিয়ালৈকে ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আন পলাতক অভিযুক্তৰ সন্ধান অব্যাহত আছে।
মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, অভিযুক্তই তেওঁক দলবদ্ধ ধৰ্ষণ কৰি ২৯ মাৰ্চৰ পৰা ৪ এপ্ৰিলৰ ভিতৰত কেইবাখনো হোটেল আৰু হুকা বাৰলৈ লৈ গৈছিল।
অভিযুক্তই সেই সময়ত ভিডিঅ’ শ্বুটো কৰিছিল। মুঠ ২৩ জন যুৱকে ৬ টা দিনে ধৰ্ষণ কৰিছিল যুৱতি গৰাকীক।