ৰাছিয়াৰ আগন্তুক ভ্ৰমণ বাতিল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।৯ মে’ত মস্কোত অনুষ্ঠিত হ’বলগীয়া বিজয় পেৰেডত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰেছ সচিব দিমিত্ৰী পেস্কোভে এই তথ্য প্ৰদান কৰে।
কিন্তু ৰাছিয়াই প্ৰধানমন্ত্ৰী মোদীৰ মস্কো ভ্ৰমণ বাতিল কৰাৰ কাৰণ উল্লেখ কৰা নাই।কোৱা হৈছে যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।অৱশ্যে ভাৰতৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া পোৱা নাই।
চলিত মাহৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিশ্চিত কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অহা ৯ মে’ত ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে নিমন্ত্ৰণ কৰিছিল।
চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিংকে ধৰি বহু আন্তঃৰাষ্ট্ৰীয় নেতাও এই বিজয় দিৱস উপলক্ষে ৰাছিয়া ভ্ৰমণত যাব।
দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ বিৰুদ্ধে ৰাছিয়াই জয়লাভ কৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ৯ মে’ত বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনোৱা হৈছিল।
উল্লেখ্য যে ১৯৪৫ চনৰ জানুৱাৰী মাহত ছোভিয়েট সেনাই জাৰ্মানীৰ বিৰুদ্ধে আক্ৰমণাত্মক অভিযান আৰম্ভ কৰিছিল।
৯ মে’ত কমাণ্ডাৰ ইন চিফে জাৰ্মানীৰ নিঃচৰ্ত আত্মসমৰ্পণৰ আইনত স্বাক্ষৰ কৰি যুদ্ধৰ অন্ত পেলায়।যাৰ বাবে ৯ মে’ দিনটো বিজয় দিৱস পালন কৰা হয়।