উপ নিৰ্বাচনৰ প্ৰসংগক লৈ এইবাৰ সৰব হ’ল শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু। উপ নিৰ্বাচনৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে দিছে এক মন্তব্য। তেওঁৰ মন্তব্য অনুসৰি “পাঁচটা সমষ্টিতেই জয়ী হ’ব বিজেপি। কিয়নো বৰ্তমান সময়ত যথেষ্ট সজাগ হৈছে জনসাধাৰণৰ” । তেওঁ লগতে কয় যে “এই নিৰ্বাচনত বিৰোধী জয়ী হ’লেও চৰকাৰ হ’ব বিজেপিৰ। গতিকে শাসক পক্ষৰ প্ৰাৰ্থীকে জনসাধাৰণক ভোট দিবলৈ আহ্বন তেওঁৰ। চামগুৰিত আৰু বিহালীত বিজেপিৰ যথেষ্ট পদাতিক সেনা আছে। তাৰ তুলনাত বিৰোধীৰ কোনো শক্তিশালী ভেঁটি নাই আৰু তেওঁলোকৰ নিজৰ মাজত আভ্যন্তৰীণ মতভেদ আছে।এনে পৰিস্থিতিত বিৰোধীয়ে শক্তিশালী যুঁজ দিব নোৱাৰে” বুলিও শিক্ষামন্ত্ৰী গৰাকীৰ মন্তব্য। আনহাতে আঞ্চলিকতাবাদী দল সমূহক সমালোচনা কৰি কয় যে “ আঞ্চলিকতাবাদৰ কথা কোৱা দল কেইটাই এতিয়ালৈকে একত্ৰিত হ’ব পৰা নাই৷তেওঁলোক একত্ৰিত হ’ব পাৰিলেহে ৰাষ্ট্ৰীয় দলৰ লগত যুঁজ দিব পাৰিব। কিন্তু তেওঁলোক এতিয়া ৰসায়নৰ নিমিলা অংকত পৰিণত হ’ব”৷