ভিটামিন ডি কেৱল আমাৰ হাড়ৰ শক্তিৰ বাবেই উপকাৰী নহয়, বৰঞ্চ ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে । সেয়েহে আমাৰ শৰীৰৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ । ইয়াৰ অভাৱত দুৰ্বলতা, ভাগৰুৱা আৰু হাড়ৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে । প্ৰায়ে মানুহে এই অভাৱ দূৰ কৰিবলৈ পৰিপূৰক খাদ্যৰ সহায় লয়, কিন্তু আপুনি আপোনাৰ খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি এই অভাৱ সহজেই দূৰ কৰিব পাৰে ।
ভিটামিন ডি পোৱাৰ এটা উত্তম আৰু সহজ উপায় হ’ল সূৰ্যৰ পোহৰ । প্ৰতিদিনে পুৱা ১০-১৫ মিনিট মৃদু সূৰ্যৰ পোহৰত থাকিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰিব পাৰে । ইয়াৰ উপৰিও আপোনাৰ খাদ্যই এই অভাৱ পূৰণ কৰিব পাৰে ।
ভিটামিন ডিৰ অভাৱত কি খাব লাগে-
কণী-
বিশেষকৈ হালধীয়া অংশত কণীতো ভিটামিন ডি ভাল পৰিমাণে পোৱা যায় । প্ৰতিদিনে এটা সিজোৱা কণী বা কণীৰ অমলেট খালে আপোনাৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি পাব পাৰে । কণীত প্ৰটিনো প্ৰচুৰ পৰিমাণে পোৱা যায় ।
কাঠফুলা(Mushrooms)-
কাঠফুলা হৈছে ভিটামিন ডিৰ প্ৰাকৃতিক উৎস হোৱা কেইটামান উদ্ভিদৰ ভিতৰত এটা । বিশেষকৈ যদি কাঠফুলা ৰ’দত শুকুৱাই দিয়া হয়, তেনেহ’লে ইয়াত থকা ভিটামিন ডি-ৰ পৰিমাণ আৰু অধিক বৃদ্ধি হয় ।
চৰ্বিযুক্ত মাছ (Fatty Fish)-
চৰ্বিযুক্ত মাছ, যেনে চালমন, টুনা আৰু মেকেৰেল ভিটামিন ডি সমৃদ্ধ । যদিও ই এক আমিষ বিকল্প, যদি আপুনি ইয়াক ৰাতিপুৱাৰ আহাৰত অন্তৰ্ভুক্ত কৰে, ই আপোনাৰ শৰীৰত ভিটামিন ডি পূৰণ কৰিব পাৰে ।
কমলাৰ ৰস-
কমলাৰ ৰসত ভিটামিন ডি থাকে । ব্ৰেকফাষ্টত ইয়াক অন্তৰ্ভুক্ত কৰিলে আপোনাৰ দিনটোৰ এটা ভাল আৰম্ভণি হ’ব পাৰে আৰু ভিটামিন ডিৰ অভাৱ দূৰ কৰাত সহায়ক হ’ব পাৰে ।