হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মণিকৰ্ণত হোৱা বৃহৎ ভূমিস্খলনত ৬ জন (৩ জন মহিলা আৰু ৩ জন পুৰুষ) থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক আহত হয় । বিয়লি প্ৰায় ৫ বজাত, গুৰুদ্বাৰাৰ সন্মুখত পথৰ দাঁতিত বহু লোক বহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা । ভূমিস্খলনৰ সময়ত পাহাৰৰ পৰা বহু পৰিমাণৰ ধ্বংসাৱশেষ বাগৰি পৰে, লগতে এজোপা গছো বাগৰি পৰে । বহু লোক এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছে ।
তথ্য অনুসৰি পথৰ কাষৰ এজন হকাৰ, এজন ছুমো আৰোহী আৰু তিনিজন পৰ্যটকৰ থিতাতে মৃত্যু হয় । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক চিনাক্ত কৰা হৈছে । ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল ।
আহতসকলক চিকিৎসাৰ বাবে লৈ যোৱা হয়-
কুল্লুৰ এ ডি এম অশ্বনী কুমাৰে জনোৱা মতে, মণিকৰ্ণৰ গুৰুদ্বাৰা পাৰ্কিং লটৰ সমীপত গছ বাগৰি পৰাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । সেই স্থানত উপস্থিত হৈছে প্ৰশাসনৰ দল ।
চিকিৎসকৰ দল ৰাওনা-
মণিকৰ্ণ এছ এইচ অ’ৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে উদ্ধাৰ অভিযানত সহায় কৰিছে । আঞ্চলিক ৰাজহ সংস্থাও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে । অগ্নিনিৰ্বাপক বাহিনী সেই স্থানলৈ ৰাওনা হৈছে । চিকিৎসকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছে ।
ঘটনাস্থীলত উদ্ধাৰ অভিযান অব্যাহত-
কুল্লুৰ এছ ডি এম বিকাশ শুক্লাই কয় যে মই সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছো । মৃতদেহ নিবলৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে বাহন । পৰিস্থিতি নিয়ন্ত্ৰণত আছে, উদ্ধাৰ অভিযানৰ অগ্ৰগতি অনুসৰি অধিক তথ্য দিয়া হ’ব ।