সোমবাৰে উত্তৰাখণ্ডৰ আলমোৰা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ২২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে। জানিব পৰা মতে বাছখনত কমেও ৪০ জন যাত্ৰী আছিল। এখ তথ্য অনুসৰি যাত্ৰী কঢ়িয়াই নিয়া বাছখন নিয়ন্ত্ৰণ হেৰুৱাই মাৰ্চুলাৰ কুপি গাঁৱৰ ওচৰত এটা দ’ খাৱৈত বাগৰি পৰে। বাছখন গড়ৱালৰ পৰা কুমাওলৈ গৈ আছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতেই আৰক্ষী আৰু এছডিআৰএফৰ জোৱানসকলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।