প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে (১২ জানুৱাৰী, ২০২৫) ভাৰত মণ্ডপমত আয়োজিত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়েলগ ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে দেশৰ যুৱক-যুৱতীসকলৰ সৈতে তেওঁৰ এক উত্তম বন্ধুত্বৰ দৰে সম্পৰ্ক আছে । প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে দেশৰ যুৱ শক্তিয়ে ভাৰতক অতি সোনকালে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব ।
‘ভাৰতক উন্নত দেশ হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে’-
ভাৰত যুৱ নেতা সংবাদ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি আপোনালোকৰ সৈতে কথা পাতি থাকোঁতে মই উন্নত ভাৰতৰ এখন ছবিও দেখিবলৈ পাইছো । উন্নত ভাৰতত আমি কি চাব বিচাৰো ? আমি কেনেধৰণৰ ভাৰত চাব বিচাৰো ? য’ত ভাল আয় আছে আৰু ভালদৰে পঢ়াৰ সুযোগ অধিক… আমি কেৱল কথা ক’লেই বিকশিত হ’মনে ?… যেতিয়া আমাৰ প্ৰতিটো সিদ্ধান্তৰ মাপকাঠী একে হ’ব, যেতিয়া আমাৰ প্ৰতিটোৰ দিশৰ খোজ একেই হ’ব, তেতিয়া ভাৰত উন্নত হব… তেতিয়া বিশ্বৰ কোনো শক্তিয়ে আমাক বিকশিত হোৱাত বাধা দিব নোৱাৰিব ।”
‘ভাৰত হ’ব বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি’-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই লালকিল্লাৰ পৰাই এক লাখ নতুন যুৱক-যুৱতীক ৰাজনীতিত অনাৰ কথা কৈছো । ৰাজনীতিও আপোনাৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ এক মহান মাধ্যম হ’ব পাৰে । মই নিশ্চিত যে আপোনালোকৰ বহুতে ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব,” তেওঁ কয় । সেই দিনটো বেছি দূৰ নহয় যেতিয়া ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ লক্ষ্য প্ৰাপ্ত কৰিব । যোৱা ১০ বছৰত, দেশখনে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে, যি গতিত আমি আগবাঢ়ি আছো, সেই দিনটো বেছি দূৰ নহয় যেতিয়া সমগ্ৰ ভাৰত দৰিদ্ৰতাৰ পৰা মুক্ত হ’ব ।“
‘ভাৰতে সময়ৰ আগতে লক্ষ্য প্ৰাপ্ত কৰিছে’-
“আজি বহুক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ আগতেই ভাৰতে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিছে । আপোনাৰ মনত থাকিব কৰোনাৰ সময়, বিশ্ব ভেকছিনৰ বিষয়ে চিন্তিত আছিল, কোৱা হৈছিল যে কৰোনা ভেকছিন প্ৰস্তুত কৰিবলৈ বহু বছৰ লাগিব, কিন্তু ভাৰতৰ বিজ্ঞানীসকলে সময়ৰ আগতে এই ভেকছিন প্ৰস্তুত কৰি দেখুৱাইছিল ।“
যুৱসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “১৯৩০ ৰ দশকত আমেৰিকা এক তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছিল, তেতিয়া আমেৰিকাৰ ৰাইজে সিদ্ধান্ত লৈছিল যে আমি ইয়াৰ পৰা ওলাই আহি দ্ৰুত গতিত আগবাঢ়িব লাগিব । তেওঁলোকে সেই পথ বাছি লৈছিল আৰু আমেৰিকা কেৱল সেই সংকটৰ পৰা ওলাই অহাই নহয়, ই উন্নয়নৰ গতিও বহুগুণে ত্বৰান্বিত কৰিছিল ।