কাছাৰৰ কাটিগড়া কান্দিগ্ৰামত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰি প্ৰেমিক সহ ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু মৃতকৰ পৰিয়ালৰ ৷
অভিযোগ মতে, কাটিগড়া তিনটিকৰি গাঁৱৰ চয়ফুল উদ্দিন নামৰ এগৰাকী যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে ১৯ বছৰীয়া যুৱতী গৰাকীৰ ।
কিন্তু যোৱা শনিবাৰে বিয়াৰ প্ৰলোভন দি যুৱতী গৰাকীক ঘৰৰ পৰা পলোৱাই লৈ যায় প্ৰেমিক চয়ফুল উদ্দিনে। পলোৱাই নি যুৱতী গৰাকীক প্ৰথমে ধৰ্ষণ কৰে চয়ফুল উদ্দিন নামৰ যুৱকজনে।
ধৰ্ষণ কাণ্ড সংঘটিত কৰি যুৱতী গৰাকী নিজ ঘৰত লৈ গৈ প্ৰেমিক চয়ফুল সহ তেওঁৰ পৰিয়ালৰ লোকে দলৱদ্ধভাৱে মাৰপিট কৰি বলপূৰ্বকভাবে বিহ পান কৰাই বুলি অভিযোগ কৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে।
বিহ পান কৰাই প্ৰেমিক চয়ফুলে যুবতী গৰাকীক কাটিগড়া মডেল হাস্পতালত লৈ যায় ৷ ঘটনাৰ খৱৰ পাই হাস্পতালত যুৱতী গৰাকীৰ পৰিয়ালৰ লোক সকল উপস্থিত হোৱাত হাস্পতালৰ পৰা পলায়ন কৰে প্ৰেমিক চয়ফুল সহ তেওঁৰ পৰিয়ালৰ লোক সকল।
ইপিনে যুবতী গৰাকীৰ অৱস্থা সংকটজনক হোৱাত কাটিগড়া মডেল হাস্পতালৰ পৰা প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজত। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অবস্থাত যোৱা সোমবাৰে মৃত্যু হয় যুৱতী গৰাকীৰ ।
আনহাতে এই ঘটনাৰ পাছত মৃত যুৱতী গৰাকীৰ পৰিয়ালে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপিত কৰি কাটিগড়া আৰক্ষী চকীত প্ৰেমিক ছয়ফুল উদ্দিন সহ মোট ৮ জনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।
গোচৰ ৰুজুৰ পাছত ইতিমধ্যে ঘটনা লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়া লৈকে এজনো অভিযুক্তক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে ।