টাটা ট্ৰাষ্টৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ ৯ অক্টোবৰত মৃত্যু হয়। তাৰ পিছতেই সকলোৰে মনত এটাই প্ৰশ্ন আছিল যে ৰতন টাটাৰ ৰতন টাটাৰ পিছত কোন হ’ব তেওঁৰ উত্তৰাধিকাৰী? তাৰ মাজতে ৰতন টাটাৰ উত্তৰাধিকাৰীক লৈ আহিছে ডাঙৰ খবৰ।টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে নোৱেল টাটাক।মুম্বাইত চলি থকা টাটা ট্ৰাষ্টৰ বোৰ্ড মিটিংৰ জৰিয়তে নতুন অধ্যক্ষ নিৰ্বাচিত হ’ব। নোৱেল টাটা বৰ্তমান টাটা গ্ৰুপৰ কোম্পানী টাটা ষ্টীল আৰু টাইটানৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত অৱস্থাত আছে।
Post Views: 13