এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । মুঠ ৮টা দলে চেম্পিয়নছ ট্ৰফীত খেলিব, যাৰ অধীনত এতিয়ালৈকে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ডকে ধৰি ৬খন দেশে নিজৰ দল ঘোষণা কৰিছে । আনহাতে ভাৰতীয় দল আৰু পাকিস্তান দলৰ বাবে এতিয়াও অপেক্ষাৰত অনুৰাগী ।
দক্ষিণ আফ্ৰিকাৰ দলৰ মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰে সোমবাৰে (১৩ জানুৱাৰী) ১৫ জনীয়া দলটো ঘোষণা কৰে । এই প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাৰ অধিনায়কত্ব কৰিব টেম্বা বাভুমাই । দক্ষিণ আফ্ৰিকাই ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেললৈ লৈ যোৱা একেটা মূল দলকে বহুলাংশে ধৰি ৰাখিছে ।
ভাৰতীয় দল আৰু পাকিস্তান দলৰ ঘোষণাৰ বাবে এতিয়াও অপেক্ষাত আছে ক্ৰিকেট অনুৰাগীসকল । জানিব পৰা গৈছে যে অহা ১৮-১৯ জানুৱাৰীত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব । এই সময়ত দলৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে । এতিয়ালৈকে ঘোষণা কৰা ৬টা স্কোৱাডৰ বিষয়ে জানক…
Check out the full fixtures for the ICC Champions Trophy 2025. pic.twitter.com/oecuikydca
— ICC (@ICC) December 24, 2024
গ্ৰুপ এ-
ভাৰত আৰু পাকিস্তান দল এতিয়াও ঘোষণা কৰা হোৱা নাই…
বাংলাদেশ দল : নাজমুল হুছেইন শান্তো (অধিনায়ক), সৌম্য চৰকাৰ, তাঞ্জিদ হাছান, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, মাহমুদুল্লাহ, জাকেৰ আলী অনিক, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হুছেইন ইমন, নাছুম আহমেদ, তাঞ্জিম হাছান চাকিব, নাহিদ ৰানা ।
নিউজীলেণ্ড দল : মিচেল ছেণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লুকি ফাৰ্গুচন, মেট হেনৰী, টম লাথাম, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, বেন ছিয়াৰ্ছ, নাথান স্মিথ, কেন উইলিয়ামছন , উইল ইয়ং ।
গ্ৰুপ-বি
দক্ষিণ আফ্ৰিকাৰ দল : টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, মাৰ্কো জান্সেন, হেনৰিক ক্লাচেন, কেশৱ মহাৰাজ, এইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, লুংগি ঙিডি, এনৰিকে নৰ্কিয়া, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰেজ শ্বামচি, ট্ৰিষ্টান ষ্টাবছ, ৰাছী ভান ডেৰ ডাচেন ।
আফগানিস্তান দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহিম জাদ্ৰান, ৰহমানুল্লাহ গুৰবাজ, চেদিকুল্লাহ অটল, ৰহমান শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ৰছিদ খান, এ এম গাজানফৰ, নূৰ আহমেদ, ফজলহাক ফাৰুকী, ফৰিদ মালিক, নবীদ জাদ্ৰান ।
ৰিজাৰ্ভ : দৰৱিশ ৰছুলি, নাংয়াল খাৰোতি, বিলাল ছামি ।
ইংৰাজ দল : জোছ বাটলাৰ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, জো ৰুট, ছাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।
অষ্ট্ৰেলিয়া দল : পেট কামিন্স (অধিনায়ক), এলেক্স কেৰী, নাথান এলিছ, এৰন হাৰ্ডি, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মাৰ্নাছ লাবুশ্বেন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মেথিউ শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্ট’ইনিছ, আডাম জাম্পা ।
প্ৰতিটো গ্ৰুপত দলসমূহে কিমানখন খেল খেলিব ?
৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । প্ৰথমখন ছেমি ফাইনেল ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন লাহোৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত যদি কোনো দলে ফাইনেলত প্ৰৱেশ কৰে তেন্তে প্ৰতিযোগিতাখনত মুঠ ৫ খন মেচ খেলিব ।