মধ্য আফ্ৰিকাত অৱস্থিত কংগো ডেমক্ৰেটিক ৰিপাব্লিকত নাও উলটি সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা । এখন মটৰচালিত কাঠৰ নাও অগ্নিকাণ্ডৰ ফলত নদীত উলটি যাই । এই দুৰ্ঘটনাত ১৪৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত ৫০০ জন লোক আছিল । বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে ।
মম্বডাকাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা-
এইচ বি কংগোলো নামৰ নাওখনে মাটাংকুমু বন্দৰৰ পৰা উত্তৰ-পশ্চিম কংগোৰ ব’লম্বা অঞ্চললৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় ।
স্থানীয় বিষয়াৰ মতে, নাওখনত এগৰাকী মহিলাই ৰন্ধা-বঢ়া কৰি থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে একাংশ যাত্ৰীয়ে ভয়ত নদীত জপিয়াবলৈ ধৰে । কিন্তু ইয়াৰে অধিকাংশই সাঁতুৰিব নাজানিছিল ।
চিনেটৰ জিন পল বকেটছু বফিলিয়ে কয় যে নাওখনত থকা ৫০০ লোকৰ ভিতৰত ১৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । আনহাতে অগ্নিদগ্ধ হোৱাৰ বাবে ১৫০ জনতকৈ অধিক লোকক চিকিৎসাৰ প্ৰয়োজন হৈছে ।