ভাৰতীয় দলৰ বিস্ফোৰক বেটছমেন অভিষেক শৰ্মাই ইতিহাস সৃষ্টি কৰিছে । মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক বেটিঙেৰে শতক অৰ্জন কৰিছে তেওঁ । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা শৃংখলাৰ পঞ্চমখন খেলত অভিষেকে এই দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে । মাত্ৰ ৩৭টা বলত তেওঁ শতক সম্পূৰ্ণ কৰে । ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলত দ্ৰুততম শতক অৰ্জন কৰা অভিষেক দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াৰ হৈ ৩৫টা বলত শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই ।
মুম্বাই টি-২০ত ভাৰতৰ হৈ অ’পেনিং কৰিবলৈ আহিছিল অভিষেক । এই সময়ছোৱাত বাতৰি লিখাৰ সময়লৈকে তেওঁ ৪৩টা বলত ১০৭ ৰান সংগ্ৰহ কৰিছে । অভিষেকৰ ইনিংছত ৫টা চাৰি আৰু ১০টা ছয় আছিল । অভিষেকৰ বাবেই বিস্ফোৰক আৰম্ভণি লাভ কৰে টিম ইণ্ডিয়াই । অভিষেকে পাৱাৰ প্লে’ৰ সময়তে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । ইয়াৰ পাছতে খেলখনৰ ১১ অভাৰত তেওঁ শতক সম্পূৰ্ণ কৰে ।
Second T20I CENTURY for Abhishek Sharma! 💯
— BCCI (@BCCI) February 2, 2025
Wankhede has been entertained and HOW! 🤩#TeamIndia inching closer to 150 🔥
Live ▶️ https://t.co/B13UlBNdFP#INDvENG | @IDFCFIRSTBank pic.twitter.com/vY4rtG0CXb
টিম ইণ্ডিয়াৰ হৈ অভিষেকৰ দ্বিতীয়টো টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক-
টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেকৰ এয়া দ্বিতীয়টো শতক । ভাৰতৰ হৈ এই ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই । ৫ টা শতক অৰ্জন কৰিছে ৰোহিতে । ৪ টা শতকৰে দ্বিতীয় স্থানত আছে সূৰ্যকুমাৰ যাদৱ । টিম ইণ্ডিয়াৰ হৈ সঞ্জু চেমছনে ৩ টা শতক অৰ্জন কৰিছে । তিলক বৰ্মা, কে এল ৰাহুল আৰু অভিষেকে দুটাকৈ শতক অৰ্জন কৰিছে ।
ভাৰতৰ হৈ কোনে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত দ্ৰুততম শতক অৰ্জন কৰিছে ?
ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ পঞ্জীয়ন হৈছে ৰোহিত শৰ্মাৰ নামত । ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰিছিল ৰোহিতে । অৱশ্যে এই অভিলেখ ভংগ কৰিব নোৱাৰিলে অভিষেকে । জিম্বাবুৱেৰ বিৰুদ্ধে ৩৩টা বলত শতক অৰ্জন কৰিছে ছিকন্দৰ ৰাজাই । তেওঁ গাম্বিয়াৰ বিৰুদ্ধে এই শতক অৰ্জন কৰিছে । দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰে ৩৫টা বলত শতক অৰ্জন কৰিছে ।