প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কেৰালাৰ ৱায়ানাডৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছে । তেওঁ বৃহস্পতিবাৰে লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰে ।
প্ৰিয়ংকা গান্ধীৰ সৈতে কংগ্ৰেছৰ সাংসদসকলেও লোকসভাত শপত ল’বলৈ গৈছিল । কিন্তু তাৰ মাজতে ৰাহুল গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধীৰ এক দৃশ্যই সকলোৰে মন চুই গৈছে ।
এই সময়ছোৱাত, ৰাহুল গান্ধী তেওঁৰ সৰু ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে এক সুন্দৰ সম্পৰ্ক দেখিবলৈ পোৱা গৈছিল ।
দৰাচলতে যেতিয়া প্ৰিয়ংকা গান্ধী সংসদত উপস্থিত হৈছিল কংগ্ৰেছ নেতাসকলে তেওঁক বাহিৰত আদৰণি জনাইছিল ।
ইয়াৰ পিছত, তেওঁ সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ যাওতেই ৰাহুল গান্ধীয়ে আগবাঢ়ি গৈ তেওঁক বাধা দি কৈছিল “ ষ্টপ ষ্টপ, মোক আপোনালোক সকলোৰে ফটো তুলিবলৈ দিয়ক । “
ইয়াৰ পিছত, ৰাহুল গান্ধীয়ে পকেটৰ পৰা নিজৰ ফোনটো উলিয়াই তাত উপস্থিত সকলো সাংসদৰ সৈতে প্ৰিয়ংকা গান্ধীৰ ফটো তুলিছিল।
প্ৰিয়ংকা গান্ধীয়ে হিন্দীত শপত গ্ৰহণ কৰিছিল আৰু এই সময়ছোৱাত তেওঁ হাতত সংবিধানৰ এটা প্ৰতিলিপি ধৰিছিল ।
অনুষ্ঠানটোত প্ৰিয়ংকা গান্ধীৰ মাতৃ ছোনিয়া গান্ধীকে ধৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰা, পুত্ৰ ৰেহান ৰাজীৱ ভদ্ৰা, কন্যা মিৰায়া ভাদ্ৰা, কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য ৰাজীৱ শুক্লা আৰু আন কেইজনমান দলৰ নেতা সদনৰ দৰ্শক গেলেৰীত উপস্থিত আছিল ।