শেহতীয়াকৈ আই চি চিয়ে আগন্তুক চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ জাৰ্চিৰ পৰা আয়োজক পাকিস্তানৰ নাম আঁতৰোৱাৰ সিদ্ধান্ত লোৱা বুলি দাবী কৰা বাতৰিক অস্বীকাৰ কৰিছে । এতিয়া এই সন্দৰ্ভত আই চি চিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এ স্প’ৰ্টছৰ এক প্ৰতিবেদন অনুসৰি আই চি চিৰ এজন বিষয়াই স্পষ্ট কৰি দিছে যে সকলো দলে নিজৰ কিটত প্ৰতিযোগিতাখনৰ অফিচিয়েল ল’গ’ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক, য’ত আয়োজক দেশখনৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । জাৰ্চিত প্ৰতিযোগিতাখনৰ ল’গ’ লগোৱাটো প্ৰতিটো দলৰ দায়িত্ব । সকলো দলে এই নিয়ম মানি চলিব লাগিব ।’
ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ পিছতে এই স্পষ্টীকৰণ দিয়া হৈছে যে বি চি চি আইয়ে টিম ইণ্ডিয়াৰ জাৰ্চিৰ পৰা পাকিস্তানৰ নাম আঁতৰোৱাৰ সিদ্ধান্ত লৈছে । ল’গ’ সঠিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰা দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আই চি চিয়ে স্পষ্ট কৰি দিয়ে ।
আনহাতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই প্ৰতিবেদনসমূহ ভিত্তিহীন বুলি খাৰিজ কৰে আৰু নিশ্চিত কৰে যে ব’ৰ্ডৰ কোনো বিষয়াই এই বিষয়টো কোনো ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰা নাই । আই চি চিৰ এই বিবৃতিটো পি চি বি আৰু বি চি চি আইৰ মাজত চলি থকা উত্তেজনাৰ মাজত প্ৰকাশ পাইছে, ক্ৰিকেট ৰাজনৈতিক বিষয়ত আৱদ্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে, ভাৰত চৰকাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল, যাৰ ফলত আই চি চিয়ে হাইব্ৰিড মডেল গ্ৰহণ কৰিছিল য’ত ভাৰতে ডুবাইত ইয়াৰ সকলো মেচ খেলিব ।
এক প্ৰতিবেদনত কোৱা হৈছে যে বি চি চি আইয়ে দলটোৰ জাৰ্চিত পাকিস্তানৰ নাম লিখাটো নিবিচাৰে যদিও পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ব’ৰ্ডৰ পৰা এনে কোনো তথ্য পোৱাৰ কথা অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে । বিশেষকৈ ভাৰতীয় ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দলটো পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰাৰ সময়ত বি চি চি আই আৰু পি চি বিৰ মাজৰ পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছে ।
উল্লেখ্য যে ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী । এইবাৰ পাকিস্তান আৰু ইউ এ ইয়ে যৌথভাৱে আয়োজন কৰিছে চেম্পিয়নছ ট্ৰফী । ভাৰতীয় দলটোৱে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ খেলিব ।