কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট উপস্থাপন কৰিছে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উপস্থাপন কৰি ঘোষণা কৰে যে কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে। যাৰ পূৰ্বে সৰ্বাধিক সীমা আছিল ২ লাখ টকা। ই কৃষকসকলক গুৰুত্বপূৰ্ণ লাভালাভ প্ৰদান কৰিব।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ধনধান্য কৃষি আঁচনি ঘোষণা কৰিছে। তেওঁ কৈছিল যে ১০০ খন জিলাত নিম্ন উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দি উন্নতি কৰা হ’ব।
সঞ্চয় বৃদ্ধি কৰা প্ৰয়োজন আৰু জলসিঞ্চনৰ সুবিধা বৃদ্ধি কৰা প্ৰয়োজন। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ১ কোটিতকৈও অধিক কৃষক উপকৃত হ’ব।
কৃষকসকলৰ অধিক উৎপাদন কৰাৰ সম্ভাৱনা আছে।কৃষকসকলে শস্য উৎপাদন বৃদ্ধি কৰিছিল আৰু চৰকাৰে ক্ৰয়ত সহায় কৰিছিল। আমাৰ চৰকাৰে এতিয়া অৰহৰ আৰু উৰাদৰ দৰে মাহজাতীয় শস্যৰ ওপৰত গুৰুত্ব দিব।
বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ ঘোষণা কৰি কয় যে ইয়াৰ জৰিয়তে ১০০খন জিলাত ল’ প্ৰডাক্টিভিটীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াত সংশোধন কৰা হ’ব।
তেওঁ লগতে কয় যে এই বাজেট সৰ্বাংগীন কৃষকৰ বাবে। ইয়াৰ জৰিয়তে ১.৭ কোটি কৃষকৰ লাভ হ’ব। আমি দেশক বিকশিত ভাৰত বনোৱাৰ বাবে ৰাজ্যসমূহৰ সৈতে মিলি কাম কৰা প্ৰয়োজন।
আমাৰ গুৰুত্ব শিক্ষা আৰু স্বাস্থ্যৰ ওপৰতো আছে। বাজেটত ৰপ্তানিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।কাৰণ কৃষি আমাৰ প্ৰথম ইঞ্জিন।