প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ আমন্ত্ৰণত তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নাইজেৰিয়াত উপস্থিত হয়, য’ত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । ১৭ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নাইজেৰিয়া ভ্ৰমণ কৰিছে ।
প্ৰধানমন্ত্ৰী আৰু নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা কথা-বতৰাৰ এটা ভিডিঅ’ ওলাইছে, য’ত দুয়োখন দেশৰ নেতা দুজনক বৈঠকত আলোচনা কৰা দেখা গৈছে । আলোচনাৰ মাজতে দুয়োখন দেশৰ সম্পৰ্কক আগুৱাই নিবলৈ দুয়ো দৃঢ়প্ৰতিজ্ঞ । আলোচনাৰ পূৰ্বে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি ভিলাত আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা হয় ।
নাইজেৰিয়াৰ আবুজাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফেডাৰেল কেপিটেল টেৰিটৰীৰ মন্ত্ৰী নেছম এজেনৱ’ই উষ্ম আদৰণি জনায় আৰু প্ৰধানমন্ত্ৰীক আবুজাৰ ‘হুইচেলৰ চাবি’ উপহাৰ দিয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইটাৰত গভীৰ নিশাৰ এক পোষ্টত কয় যে এই চাবিটো নাইজেৰিয়াৰ জনসাধাৰণে প্ৰধানমন্ত্ৰীক দিয়া আস্থা আৰু সন্মানৰ প্ৰতীক ।
মাৰাঠী সম্প্ৰদায়ক সাক্ষাৎ-
নাইজেৰিয়াত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী সম্প্ৰদায়ক সাক্ষাৎ কৰি বাৰ্তালাপ কৰে । নাইজেৰিয়াৰ মাৰাঠী সম্প্ৰদায়ে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত সুখ প্ৰকাশ কৰে ।
উল্লেখ্য যে পশ্চিম আফ্ৰিকা অঞ্চললৈ প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ভ্ৰমণ । তেওঁ নাইজেৰিয়া, ব্ৰাজিল আৰু গোয়ানালৈ পাঁচ দিনীয়া ভ্ৰমণত আছে । নাইজেৰিয়াৰ পৰা তেওঁ ব্ৰাজিললৈ যাব ।