শস্যৰ স্বাস্থ্য আৰু উৎপাদনত সহায়ক হোৱা ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰে পৰিৱেশ আৰু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । এনে পৰিস্থিতিত একাংশ ৰাজ্য আৰু কৃষকে পৰম্পৰাগত আৰু প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ কৰি ৰাসায়নিক কীটনাশকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছে । বিশ্বৰ বহু দেশে বৰ্তমান নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কীটনাশক দ্ৰব্য বা ৰাসায়নিক সাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে । কিন্তু আপুনি জানেনে, আমাৰ দেশতো এনে এখন ৰাজ্য আছে য’ত কীটনাশক ব্যৱহাৰ কৰা নহয় ।
ভাৰতৰ এনে এখন ৰাজ্য চিনাক্ত কৰা হৈছে য’ত শস্যত কীটনাশক একেবাৰে ব্যৱহাৰ কৰা নহয় আৰু সেই ৰাজ্যখন হ’ল “ছিকিম” । ভাৰতৰ এখন পাহাৰীয়া ৰাজ্য ছিকিমে কৃষিক্ষেত্ৰত ৰাসায়নিক কীটনাশক আৰু সাৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰি ২০১৬ চনত দেশৰ প্ৰথমখন “জৈৱিক ৰাজ্য” হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ।
উল্লেখ্য যে ২০০৩ চনত ছিকিমে কৃষি নীতিত বিশেষ পৰিৱৰ্তন আনিছিল । ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল যে ছিকিমক “জৈৱিক ৰাজ্য” হিচাপে গঢ়ি তোলা হ’ব আৰু ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ বন্ধ কৰা হ’ব । ২০১৬ চনত ছিকিমে ইয়াক আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰি ভাৰতৰ প্ৰথমখন “১০০% জৈৱিক ৰাজ্য” হোৱাৰ মাইলৰ খুঁটি অৰ্জন কৰে ।
ছিকিমৰ এই দিশটো কেৱল পৰিৱেশৰ বাবে উপকাৰী হোৱাই নহয়, কৃষকৰ স্বাস্থ্য আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো ই এক শক্তিশালী পদক্ষেপ হিচাপে প্ৰমাণিত হৈছে । ৰাজ্য চৰকাৰখনে কৃষকসকলক জৈৱিক কৃষিৰ বাবে প্ৰশিক্ষণ দি ইয়াৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰিছে । ফলত আজি ছিকিমৰ কৃষকসকলে ৰাসায়নিক কীটনাশকৰ পৰা সম্পূৰ্ণ মুক্ত প্ৰাকৃতিক খেতি কৰিছে ।
উল্লেখ্য যে ছিকিমত চাহ, জৈৱিক ফল-মূল, জৈৱিক শাক-পাচলি, দালি আৰু শস্যৰ খেতি কৰা হয়, যিবোৰ সম্পূৰ্ণ জৈৱিক ।