এক দেশ-এক নিৰ্বাচন সম্পৰ্কীয় দুখন বিধেয়ক পৰীক্ষণ কৰিবলৈ গঠন কৰা সংসদীয় সমিতিৰ প্ৰথমখন বৈঠক বুধবাৰে অনুষ্ঠিত হ’ব । এই সময়ছোৱাত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিষয়াসকলে সংসদীয় সমিতিৰ সদস্যসকলক প্ৰস্তাৱিত আইনসমূহৰ বিধানসমূহৰ বিষয়ে তথ্য প্ৰদান কৰিব ।
পি পি চৌধাৰীক সমিতিৰ অধ্যক্ষ নিযুক্তি-
বিজেপি সাংসদ পি পি চৌধাৰীক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । ইয়াৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, পুৰুষোত্তম ৰূপালা, মনীষ তিৱাৰী আৰু প্ৰিয়ংকা গান্ধী, বনছুৰী স্বৰাজ, সম্বিত পাত্ৰৰ দৰে কেইবাজনো প্ৰথম কাৰ্যকালৰ সাংসদো এই সমিতিৰ সদস্য । কমিটীখনত লোকসভাৰ পৰা ২৭জন আৰু ৰাজ্যসভাৰ পৰা ১২জন সদস্য আছে ।
ইয়াৰ পূৰ্বে সূত্ৰই জনাইছিল যে এইখন প্ৰাথমিক তথ্য প্ৰদানৰ বাবে এখন বৈঠক হ’ব । এই বৈঠকত বিষয়াসকলে দুখন গুৰুত্বপূৰ্ণ বিধেয়কৰ বিষয়ে তথ্য দিব । এই বিধেয়কসমূহ হ’ল – সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (আইন) সংশোধনী বিধেয়ক । এই দুয়োখন বিধেয়কৰ উদ্দেশ্য হৈছে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন কৰা । এই পদক্ষেপ বিজেপিৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ অংশ ।
কমিটীৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰা হ’ল-
এই বিধেয়কসমূহ লোকসভাত উত্থাপন কৰা হৈছিল শীতকালীন অধিৱেশনত । ইয়াৰ পিছত শীতকালীন অধিৱেশনৰ অন্তিম দিন শুকুৰবাৰে সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয় । এই সমিতিৰ সদস্যৰ সংখ্যা ৩১ৰ পৰা ৩৯লৈ বৃদ্ধি কৰা হৈছে, কিয়নো বহু ৰাজনৈতিক দলে ইয়াত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ।