কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেন ৰিজিজু পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱত উপস্থিত হৈছে । ইয়াত তেওঁ এইবাৰৰ হজ যাত্ৰাৰ কোটা নীতিত স্বাক্ষৰ কৰিছে । এইবাৰ ভাৰতৰ পৰা ১ লাখ ৭৫ হাজাৰ ২৫ জন লোকে হজৰ বাবে চৌদি আৰৱলৈ যাব পাৰিব । এই কোটা যোৱা বছৰৰ আগষ্ট মাহত চূড়ান্ত কৰা হৈছিল, যিটো কোটাত এতিয়া দুয়োখন দেশৰ মন্ত্ৰীসকলে স্বাক্ষৰ কৰিছে । ছৌদি আৰবে প্ৰতি বছৰে হজৰ কোটা সলনি কৰে আৰু ভাৰতকে ধৰি বিশ্বৰ দেশৰ সৈতে এই বিষয়ে চুক্তি কৰে ।
শেহতীয়াকৈ জেদ্দাত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু ছৌদি আৰৱৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল ৰবিয়াৰ মাজত স্বাক্ষৰিত হয় চুক্তি । এই চুক্তি ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হজ যাত্ৰাৰ বাবে এয়া এক ‘ভাল খবৰ’ । তেওঁ কয় যে আমাৰ চৰকাৰ হজযাত্ৰীসকলক উন্নত হজ ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।
I welcome this agreement, which is wonderful news for Hajj pilgrims from India. Our Government is committed to ensuring improved pilgrimage experiences for devotees. https://t.co/oybHXdyBpK
— Narendra Modi (@narendramodi) January 13, 2025
হজ কোটাৰ ওপৰত কি ক’লে কিৰেন ৰিজিজুৱে ?
কিৰেন ৰিজিজুৱে এই চুক্তি সন্দৰ্ভত “এক্স”ৰ এটা পোষ্টত কয়, “চৌদি আৰৱৰ হজ মন্ত্ৰী আৰু উমৰা তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে হাজ চুক্তি ২০২৫ স্বাক্ষৰিত হয় । ভাৰতৰ পৰা অহা হজযাত্ৰীৰ কোটা ১,৭৫,০২৫ নিৰ্ধাৰণ কৰা হৈছে । আমি আমাৰ সকলো হজ যাত্ৰীক উত্তম সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
ৰিজিজুৱে লগতে কয় যে ড০ তৌফিক বিন ফাউজান আল-ৰাবিয়াৰ সৈতে হোৱা বৈঠকত তেওঁ হজ ২০২৫ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ অভিজ্ঞতা আৰু অধিক উন্নত কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰে । ইয়াৰ দ্বাৰা দ্বিপাক্ষিক সম্পৰ্কও সুদৃঢ় হ’ব ।
২০২৪ চনৰ আগষ্ট মাহত ভাৰতৰ কোটা নিৰ্ধাৰণ কৰা হৈছিল-
যোৱা মাহত ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত ৰিজিজুৱে কয় যে ২০২৫ বৰ্ষৰ বাবে ভাৰতীয় হজ কমিটি (এইচ চি অ’ আই) আৰু হজ গ্ৰুপ অৰ্গেনাইজাৰ (এইচ জি অ’)ৰ মাজত কোটা ৭০:৩০ অনুপাতত ভাগ কৰা হৈছে । এই হজ পলিচি-২০২৫, ২০২৪ চনৰ ৫ আগষ্টত জাৰি কৰা হৈছিল, য’ত ভাৰতৰ কোটা ১৭৫,০২৫ নিৰ্ধাৰণ কৰা হৈছিল ।