১২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে স্পেচৱাক কৰিবলৈ সাজু হৈছে সুনীতা উইলিয়ামছ । নাছাৰ এক বিবৃতি অনুসৰি সুনীতা উইলিয়ামছে বৃহস্পতিবাৰে (১৬ জানুৱাৰী, ২০২৫) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত অভিযানত সহযোগী মহাকাশচাৰী নিক হেগৰ সৈতে নিউট্ৰন ষ্টাৰ ইণ্টেৰিয়ৰ কম্পোজিচন এক্সপ্ল’ৰাৰ (NICER) এক্স-ৰে টেলিস্কোপ মেৰামতি কৰিব ।
ইয়াৰ পাছত আন এক মহাকাশ যাত্ৰাত অংশ ল’ব সুনীতা উইলিয়ামছে । এই দুয়োটা মহাকাশ যাত্ৰা নাছাৰ আই এছ এছৰ উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ । ইয়াৰে প্ৰথমটো অভিযান ১৬ জানুৱাৰীত (বৃহস্পতিবাৰ) “ইউ এছ স্পেচৱাক ৯১” আৰু ২৩ জানুৱাৰীত (বৃহস্পতিবাৰ) “ইউ এছ স্পেচৱাক ৯২” হিচাপে সম্পন্ন কৰা হ’ব ।
In 2024, @NASA_Astronauts including @AstroHague and @Astro_Pettit took a dip in @NASA_Johnson’s Neutral Buoyancy Laboratory! They trained for spacewalk tasks like an upcoming repair on our NICER telescope aboard the @Space_Station: https://t.co/HgaV4h4TTi pic.twitter.com/zCzF2o9n0P
— NASA Universe (@NASAUniverse) January 8, 2025
প্ৰথম ভ্ৰমণ ১৬ জানুৱাৰীত হ’ব-
আই এছ এছৰ অৰিয়েণ্টেচন বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ৰিটিকেল ৰেট জাইৰ’ এছেম্বলীৰ সুনীতা উইলিয়ামছে ১৬ জানুৱাৰী (বৃহস্পতিবাৰে) নাছাৰ সহযোগী মহাকাশচাৰী নিক হেগৰ সৈতে মেৰামতি কৰিব । ইয়াৰ উপৰিও মহাকাশচাৰী দুগৰাকীয়ে NICER এক্স-ৰে টেলিস্কোপৰ লাইট ফিল্টাৰ পৰিদৰ্শন কৰি ষ্টেচনৰ এটা ডকিং এডাপ্টাৰত নেভিগেচনৰ বাবে ব্যৱহাৰ কৰা এটা ৰিফ্লেক্টৰ ডিভাইচ সলনি কৰিব । দুয়োজনে আলফা মেগনেটিক স্পেকট্ৰমিটাৰৰ ৰক্ষণাবেক্ষণৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন প্ৰৱেশ পইণ্ট আৰু সঁজুলিও পৰিদৰ্শন কৰিব ।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই (আই এছ এছ) এই অভিযানৰ তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰে । কোৱা হৈছে যে ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মহাকাশ যাত্ৰাৰ কেন্দ্ৰবিন্দু হ’ব NICER টেলিস্কোপ মেৰামতি কৰা । নিক হেগ আৰু আন এজন ষ্টেচন মহাকাশচাৰী ডন পেটিটে যোৱা বছৰ স্পেচৱাকৰ বাবে প্ৰশিক্ষণ লৈছিল ।
আই এছ এছে লিখিছে যে মহাকাশ ভ্ৰমণৰ সময়ত সুনীতা উইলিয়ামছে কোনো ষ্ট্ৰীপ নথকা চ্যুট পিন্ধিব, আনহাতে মিছনৰ নেতা নিক হেগে ৰঙা ষ্ট্ৰীপ থকা চ্যুট পিন্ধিব । উল্লেখ্য যে এয়া হ’ব সুনীতা উইলিয়ামছৰ অষ্টম স্পেচৱাক আৰু নিক হেগৰ চতুৰ্থ স্পেচৱাক ।
২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব দ্বিতীয় মহাকাশ যাত্ৰা-
২৩ জানুৱাৰী (বৃহস্পতিবাৰ)ত সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰাও এক গুৰুত্বপূৰ্ণ অভিযান হ’ব । এইবাৰ সতীৰ্থ মহাকাশচাৰী বুশ্ব উইলম’ৰৰ সৈতে সুনীতা উইলিয়ামছে ষ্টেচনৰ ট্ৰাছৰ পৰা এটা এন্টেনা সমাবেশ আঁতৰাই পৃষ্ঠৰ নমুনা সংগ্ৰহ কৰিব আৰু Canadarm2 ৰবটিক আৰ্মৰ বাবে এটা অতিৰিক্ত জইণ্ট প্ৰস্তুত কৰিব ।