মহাৰাষ্ট্ৰৰ পাৰভানি জিলাত এক জঘন্য ঘটনা সংঘটিত হৈছে। কন্যা সন্তান জন্ম দিয়াৰ বাবে এজন স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক। ঘৰত কোনো ল’ৰা নাছিল। পুনৰ বাৰ কন্যা সন্তান জন্ম হোৱাত ক্ষুব্ধ হৈ স্বামীয়ে তেওঁৰ পত্নীক জীৱন্তে জ্বলাই দিলে।
আৰক্ষীয়ে জনোৱা অনুসৰি, পাৰভানি জিলাৰ বাসিন্দা কুণ্ডালিক উত্তম কালেয়ে তেওঁৰ পত্নী মাইনা কুণ্ডলিক দেহৰ পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিছিল।দৰাচলতে স্বামী কুণ্ডালিক উত্তম কালেক এটি পুত্ৰ সন্তানৰ প্ৰয়োজন আছিল।
দুয়োৰে ইতিমধ্যে দুগৰাকী কন্যা সন্তান আছিল। এইবাৰো পত্নী মাইনা কুণ্ডলিয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ বাবেই খং উঠিছিল স্বামীৰ।
যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু এই কাজিয়াই ইমানেই ভয়ংকৰ ৰূপ লয় যে ঘৰৰ সন্মুখতে হত্যা কৰিলে পত্নীক। ঘটনাটোৰ পিছতেই
মৃত মহিলাগৰাকীৰ ভগ্নী ভাগ্যশ্ৰীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। দাখিল কৰা অভিযোগত, কোৱা হৈছিল যে পুত্ৰ নোহোৱাৰ বাবে মহিলাগৰাকীক প্ৰতিদিনে তেওঁৰ স্বামীয়ে অত্যাচাৰ কৰিছিল।
জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত এই ঘটনাটো সংঘটিত হৈছিল।ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰি পাষাণ স্বামীক গ্ৰেপ্তাৰ কৰিছে।