শনিবাৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান- পদ্ম বঁটা ২০২৫ৰ নাম ঘোষণা কৰে । শাৰদা সিনহা, ওছামু চুজুকীকে ধৰি ৭ গৰাকী ব্যক্তিক পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছে । আনহাতে পংকজ উধাছ আৰু সুশীল মোদী আৰু অসমৰ যতীন গোস্বামীকে ধৰি ১৯ গৰাকী ব্যক্তিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে । তদুপৰি এইবাৰ ১১৩ গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ব, যিসকলৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে ।
দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়– পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী । কলা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতাৰ স্বীকৃতি প্ৰদান কৰা হয় ।
Congratulations to all the Padma awardees! India is proud to honour and celebrate their extraordinary achievements. Their dedication and perseverance are truly motivating. Each awardee is synonymous with hardwork, passion and innovation, which has positively impacted countless…
— Narendra Modi (@narendramodi) January 25, 2025
এই ৭ গৰাকীলৈ পদ্ম বিভূষণ-
-দুব্ভুৰ নাগেশ্বৰা ৰেড্ডী (চিকিৎসা)
-ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) জগদীশ সিং খেহৰ (ৰাজহুৱা পৰিক্ৰমা)
-কুমুদিনী ৰজনীকান্ত লখিয়া (কলা)
-লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়াম (কলা)
-এম টি বাসুদেৱন নায়াৰ (সাহিত্য আৰু শিক্ষা, মৰণোত্তৰ)
-অছামু চুজুকি (ব্যৱসায় আৰু উদ্যোগ, মৰণোত্তৰ)
-শাৰদা সিনহা (কলা, মৰণোত্তৰ)
এই ১৯ গৰাকীলৈ পদ্ম ভূষণ সন্মান-
-এ সূৰ্য্য প্ৰকাশ (সাহিত্য আৰু শিক্ষা-সাংবাদিকতা)
-অনন্ত নাগ (কলা)
-বিবেক ডেব্ৰয় (মৰণোত্তৰ) সাহিত্য আৰু শিক্ষা
-যতীন গোস্বামী (কলা)
-জোচে চাকো পেৰিয়াপ্পুৰম (চিকিৎসা)
-কৈলাশ নাথ দীক্ষিত (অন্য-পুৰাতত্ত্ব)
-মনোহৰ যোশী (মৰণোত্তৰ) জনসংযোগ
-নল্লী কুপ্পুস্বামী চেট্টী (বাণিজ্য আৰু কলা)
-নন্দমুৰি বালকৃষ্ণ (কলা)
-পি আৰ শ্ৰীজেশ (ক্ৰিড়া)
-পংকজ পেটেল (বাণিজ্য আৰু উদ্যোগ)
-পংকজ উধাছ (মৰণোত্তৰ) কলা
-ৰাম বাহাদুৰ ৰায় (সাহিত্য আৰু শিক্ষা-সাংবাদিকতা)
-সাধ্বী ঋতম্ভৰা (সমাজ সেৱা)
-এছ অজিত কুমাৰ (কলা)
-শেখৰ কাপুৰ (কলা)
-সুশীল কুমাৰ মোডী (মৰণোত্তৰ) জনসংযোগ
-বিনোদ ধাম (বিজ্ঞান আৰু অভিযান্ত্ৰিক)
‘পদ্ম বিভূষণ’ ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হৈছে । উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম ভূষণ’ আৰু যিকোনো ক্ষেত্ৰতে বিশিষ্ট সেৱাৰ বাবে ‘পদ্মশ্ৰী’ দিয়া হয় । প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয় । প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ আশে-পাশে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত আনুষ্ঠানিক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে ।