ঘৰুৱা মাটিত খেলা ৫খনীয়া টেষ্ট শৃংখলাত ভাৰতীয় দলটোক ৩-১ ব্যৱধানত পৰাস্ত কৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে । ইয়াৰ লগে লগে কেংগাৰু দলটোৱে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী লাভ কৰিছে । শৃংখলাৰ পঞ্চম আৰু অন্তিম টেষ্ট ছিডনীত অনুষ্ঠিত হৈছিল আৰু তৃতীয় দিনা (৫ জানুৱাৰী) অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়েৰে শৃংখলা দখল কৰে ।
উল্লেখ্য যে ১৯৯৬-৯৭ চনৰ পৰাই ভাৰতীয় ক্ৰিকেট দল আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অনুষ্ঠিত হৈ আহিছে । কিন্তু এইবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণ অধিনায়ক ৰোহিত শৰ্মা, প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাডেজাৰ বাবে শেষ ভ্ৰমণ বুলি প্ৰমাণিত হ’ব পাৰে ।
তেওঁলোকৰ বয়স এই তিনিজনৰ বাবে বাধা হৈ পৰিব-
প্ৰকৃততে ভাৰতীয় দলটোৱে এতিয়া ২০২৯ চনত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব লাগিব । এনে পৰিস্থিতিত তেওঁলোকৰ বয়স এই তিনিজনৰ বাবে বাধা হৈ পৰিব । চলিত বৰ্ষৰ ৩০ এপ্ৰিলত ৰোহিতে ৩৮ বছৰ সম্পূৰ্ণ কৰিব । আনহাতে কোহলীৰ বয়স ৩৬ বছৰ ।
ইফালে, স্পীন অল-ৰাউণ্ডাৰ জাডেজা আছে, যিয়ে যোৱা মাহত অৰ্থাৎ ৬ ডিচেম্বৰত ৩৬ বছৰ সম্পূৰ্ণ কৰিছে । এনে পৰিস্থিতিত এই তিনিওজনৰ পৰৱৰ্তী অষ্ট্ৰেলিয়া ভ্ৰমণ প্ৰায় অসম্ভৱ । এইদৰে এই তিনিজনৰ বাবে এইটোৱেই শেষ অষ্ট্ৰেলিয়া ভ্ৰমণ বুলি প্ৰমাণিত হ’ব । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পৰৱৰ্তী টেষ্ট শৃংখলা ২০২৬-২৭ চনত অনুষ্ঠিত হোৱাৰ কথা । কিন্তু তেতিয়া কেংগাৰুৰ দলটোৱে ভাৰত ভ্ৰমণ কৰিব লাগিব ।
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰ-
টেষ্ট ক্ৰিকেটঃ ৬৭ খন মেচ, ১১৬ টা ইনিংছ, ৪৩০১ ৰান, ২১২ সৰ্বোচ্চ স্ক’ৰ, ৪০.৫৭ গড়, ১২ টা শতক আৰু ১৮ টা অৰ্ধশতক
এদিনীয়া ক্ৰিকেটঃ ২৬৫খন মেচ, ২৫৭ টা ইনিংছ, ১০,৮৬৬ ৰান, সৰ্বোচ্চ স্ক’ৰ ২৬৪, গড় ৪৯.১৬, ৩১টা শতক আৰু ৫৭টা অৰ্ধশতক
T20I ক্ৰিকেট : ১৫৯ খন মেচ, ১৫১ টা ইনিংছ, ৪,২৩১ ৰান, ১২১* সৰ্বোচ্চ স্ক’ৰ, ৩২.০৫ গড়, ৫ শতক আৰু ৩২ টা অৰ্ধশতক
অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যৰ্থ ৰোহিত-
হৈ যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত ৰোহিত শৰ্মাৰ প্ৰদৰ্শন অতি দুৰ্বল । এই অষ্ট্ৰেলিয়া ছিৰিজত হিটমেনে ৩খন টেষ্টৰ ৫ ইনিংছত মাত্ৰ ৩১ ৰানহে কৰিছে । তেওঁৰ গড়ো আছিল ৬.২০, যিটো যিকোনো এজন বলাৰতকৈ কম । আনহাতে বেগী বলাৰ আকাশ দীপে ৩ ইনিংছত ৰোহিততকৈ ৩৮ ৰান বেছি সংগ্ৰহ কৰিছে ।
আনহাতে বিৰাট কোহলীয়ে ৯ টা ইনিংছত ১৯০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ এটা শতকো অৰ্জন কৰে । আনহাতে, জাডেজাই ৫ টা ইনিংছত ১৩৫ ৰান সংগ্ৰহ কৰে । লগতে বলিংত জাদেজাই ৪ ইনিংছত ৪টা উইকেট দখল কৰে ।
কোহলীৰ ক্ৰিকেট কেৰিয়াৰ-
টেষ্ট ক্ৰিকেটঃ ১২৩খন মেচ, ২১০ টা ইনিংছ, ৯২৩০ ৰান, ২৫৪* সৰ্বোচ্চ স্ক’ৰ, ৪৬.৮৫ গড়, ৩০ শতক আৰু ৩১টা অৰ্ধশতক
এদিনীয়া ক্ৰিকেটঃ ২৯৫খন মেচ, ২৮৩ টা ইনিংছ, ১৩,৯০৬ ৰান, সৰ্বোচ্চ স্ক’ৰ ১৮৩, ৫৮.১৮ গড়, ৫০টা শতক আৰু ৭২টা অৰ্ধশতক
T20I ক্ৰিকেট : ১২৫ খন মেচ, ১১৭ টা ইনিংছ, ৪১৮৮ ৰান, ১২২* সৰ্বোচ্চ স্ক’ৰ, ৪৮.৬৯ গড়, ১ শতক আৰু ৩৮ টা অৰ্ধশতক
জাডেজাৰ ক্ৰিকেট কেৰিয়াৰ-
টেষ্ট ক্ৰিকেটঃ ৮০ খন মেচ, ১১৮ টা ইনিংছ, ৩৩৭০ ৰান, সৰ্বোচ্চ স্ক’ৰ ১৭৫*, গড় ৩৪.৭৪, ৪ শতক আৰু ২২ টা অৰ্ধশতক, ৩২৩ উইকেট
এদিনীয়া ক্ৰিকেটঃ ১৯৭খন মেচ, ১৩২ ইনিংছ, ২৭৫৬ ৰান, ১৮৯ টা ইনিংছত ২২০ উইকেট দখল, সৰ্বোত্তম প্ৰদৰ্শন ৫/৩৩ ।
টি-২০ ক্ৰিকেট: ৭৪খন মেচ, ৪১ টা ইনিংছ, ৫১৫ ৰান সংগ্ৰহ, ৭১ ইনিংছত ৫৪ উইকেট দখল, সৰ্বোত্তম প্ৰদৰ্শন ৩/১৫ ।