এয়াৰ ইণ্ডিয়াৰ বিমান সন্দৰ্ভত অহা সকলো খবৰৰ মাজতে থাইলেণ্ডৰ পৰা এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । বাতৰি অনুসৰি থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ১০০ৰো অধিক যাত্ৰী যোৱা তিনিদিন ধৰি আবদ্ধ হৈ আছে । ১৬ নৱেম্বৰৰ নিশা উৰা মৰা এই বিমানখন কাৰিকৰী ত্ৰুটিৰ বাবে কেইবাবাৰো পলম হৈছিল আৰু অৱশেষত বাতিল কৰা হৈছিল । বৃদ্ধ আৰু শিশুকে ধৰি যাত্ৰীসকলে তেওঁলোকৰ সমস্যাসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
কাৰিকৰী বিজুতিৰ বাবে বিমান বাতিল-
আচলতে তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াই ১৬ নৱেম্বৰৰ নিশা ৬ ঘণ্টা পলম হোৱা বুলি জনাইছিল । ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰাৰ পিছত যাত্ৰীসকলক বিমানত উঠাই দিয়া হ’ল যদিও এঘণ্টাৰ পাছত পুনৰ বিমানখনৰ পৰা নমাই দিয়া হ’ল । পিছদিনা একেখন বিমানেই উৰণৰ বাবে সাজু কৰা হৈছিল যদিও উৰণৰ ডেৰ-দুই ঘণ্টাৰ পিছত ফুকেটলৈ ঘূৰাই আনিবলগীয়া হৈছিল ।
যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা-
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ঘটনাৰ পিছতে ফুকেটত আবদ্ধ হৈ আছে যাত্ৰীসকল । বহু যাত্ৰীয়ে ছ’চিয়েল মিডিয়াত অভিযোগ কৰে যে বিমান সংস্থাৰ প্ৰতিনিধিয়ে তেওঁলোকক কোনো সন্তোষজনক উত্তৰ দিয়া নাই । সেয়েহে যাত্ৰীসকলৰ মাজত বিভ্ৰান্তি আৰু ক্ষোভৰ সৃষ্টি হৈছে ।
এয়াৰ ইণ্ডিয়াই দিলে স্পষ্টীকৰণ-
এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জনোৱা মতে, ক্ৰুৰ কৰ্তব্যৰ সময়ৰ সীমাবদ্ধতাৰ বাবে ১৬ নৱেম্বৰত বিমানখন উৰণ কৰিব পৰা নগ’ল । ১৭ নৱেম্বৰত উৰণৰ পিছত বিমানখনত কাৰিকৰী বিজুতিৰ সৃষ্টি হয়, যাৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । বিমান সংস্থাটোৱে জনোৱা মতে, যাত্ৰীসকলক হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ খৰচ ঘূৰাই দিয়া হ’ব ।
কিছু যাত্ৰী ঘূৰি আহিছে, আন কিছু এতিয়াও আবদ্ধ হৈ আছে-
পোহৰলৈ আহিছে যে বহু যাত্ৰীক উভতাই পঠিওৱা হৈছে, কিন্তু প্ৰায় ৪০ জন যাত্ৰী এতিয়াও ফুকেটত আবদ্ধ হৈ আছে । এই যাত্ৰীসকলক অতি সোনকালে ভাৰতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি এয়াৰ ইণ্ডিয়াই আশ্বাস দিছে ।