হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ কিয়নো ই শৰীৰৰ সকলো অংশলৈ তেজ পাম্প কৰি অক্সিজেন পৰিবহন কৰে । যদি ইয়াত কোনো ধৰণৰ বিজুতি থাকে, তেন্তে জীয়াই থকাটো কঠিন হৈ পৰিব পাৰে । আমাৰ নিজৰ কিছুমান অভ্যাসে হৃদযন্ত্ৰক দুৰ্বল কৰে । যদি আমি সঠিক আহাৰ বাছনি নকৰোঁ তেন্তে হৃদআক্ৰমণ অথবা হাৰ্ট এটেকৰ আশংকা থাকিব পাৰে ।
হৃদযন্ত্ৰৰ ক্ষতি কৰা খাদ্য-
ভজা খাদ্য
ভজা খাদ্য আপোনাৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে সংপৃক্ত চৰ্বি থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ।
সুৰা-
মদ্যপান কৰিলে হৃদযন্ত্ৰৰ সমস্যা আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । এই বেয়া অভ্যাস যিমান সোনকালে এৰিব সিমানেই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল ।
নিমখীয়া বস্তু-
চিপচ, ফ্ৰেঞ্চ ফ্ৰাইকে ধৰি বহু খাদ্যত অধিক পৰিমাণৰ নিমখ থাকে । নিমখত ছডিয়াম পোৱা যায় । ইয়াক অত্যাধিক সেৱন কৰিলে ৰক্তচাপ বৃদ্ধি পাব যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে ।
মিঠা বস্তু-
মিঠাই, কেক, হালৱোৰ দৰে বস্তুত অতি বেছি পৰিমাণৰ চেনি থাকে, যাৰ ফলত মেদবহুলতা হয় আৰু তাৰ পিছত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ।
ৰেড মিট-
ৰেড মিট প্ৰটিনৰ প্ৰচুৰ উৎস যদিও অত্যধিক পৰিমাণে খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, সেয়েহে ইয়াৰ পৰিমাণ হ্ৰাস কৰাটো গুৰুত্বপূৰ্ণ ।
ঠাণ্ডা পানীয়-
সকলো বয়সৰ লোকে শীতল পানীয়ৰ প্ৰতি আকৰ্ষিত হয় । কিন্তু ইয়াত চেনিৰ পৰিমাণ বেছি থাকে যিয়ে হৃদৰোগৰ সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে ।
(এই প্ৰতিবেদন কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । যদি আপুনি যিকোনো আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক ।)