এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ সৰু ডাইনোছৰৰ কণী চীনত পোৱা গৈছে । এই কণীবোৰ আগতে কেতিয়াও দেখা নোপোৱা প্ৰজাতিৰ । চীনৰ সংবাদ মাধ্যমৰ মতে, ২০২১ চনত দক্ষিণ-পূব চীনৰ গানঝৌৰ সমীপৰ এটা নিৰ্মাণ স্থানৰ জৰীপৰ সময়ত ছটা সৰু কণী উদ্ধাৰ কৰা হৈছিল । এই কণীবোৰ শিলৰ স্তূপৰ ভিতৰত অনিয়মিতভাৱে সজাই থোৱা আছিল । এই শিলটো ক্ৰিটেচিয়াছ যুগৰ (১৪.৫ কোটিৰ পৰা ৬.৬ কোটি বছৰ আগৰ) আৰু ইয়াৰ বয়স প্ৰায় ৮ কোটি বছৰ । চীনা বিজ্ঞানীসকলৰ গৱেষণাৰ ফলাফল হিষ্ট’ৰিকেল বায়’লজী জাৰ্নেলত প্ৰকাশ পাইছে ।
এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ সৰু ডাইনোছৰৰ কণী-
আটাইতকৈ সৰু কণীটো ১.১ ইঞ্চি (২.৯ চে.মি.) দীঘল । ই আটাইতকৈ সৰু নন এভিয়ান ডাইনোচৰৰ কণীৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছিল, যি জাপানৰ পৰা উদ্ধাৰ হৈছিল । গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, সেই কণীটো প্ৰায় ১১ কোটি বছৰ আগতে কুকুৰাৰ আকাৰৰ ডাইনোছৰ হেমিঅ’লিথাছ মুৰাকামিৰ আছিল । ইয়াৰ দৈৰ্ঘ্য আছিল ১.৮ ইঞ্চি (৪.৫ চে.মি.) । তুলনামূলকভাৱে নতুনকৈ আৱিষ্কাৰ কৰা কণীবোৰ বেছিভাগ কুকুৰাৰ কণীতকৈ প্ৰায় আধা দীঘল ।
এই প্ৰজাতিৰ ডাইনোছৰ আগতে কেতিয়াও দেখা পোৱা নাছিল-
গৱেষকৰ মতে এই কণীবোৰ সম্ভৱতঃ আগতে কেতিয়াও দেখা নোপোৱা নন-এভিয়ান থেৰ’পড ডাইনোছৰৰ প্ৰজাতিৰ । এইটো দুটা ভৰিৰ, বিশাল চিকাৰী ডাইনোছৰৰ এটা গোট যেনে Tyrannosaurus rex যাক তেওঁলোকে Minioolithus ganzhouensis নাম দিছে । এই ডাইনোছৰটোৱে কণীৰ পৰা ফুটাৰ পিছত কিমান বৃদ্ধি পালেহেঁতেন সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
এই জীৱাশ্ম কণীটো হয়তো এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বুলি প্ৰমাণিত হ’ব । ইয়াৰ দ্বাৰা ডাইনোছৰৰ প্ৰজনন অভ্যাস আৰু বৈচিত্ৰ্যৰ বিষয়ে অধিক তথ্য পোৱা যাব পাৰে ।