সকলোৱে টোপনি ভাল পায়, শুই থাকোঁতে কোনেও আমনি পোৱাটো নিবিচাৰে । কিন্তু যেতিয়া আপুনি নিজেই টোপনি নষ্ট কৰি আছে তেতিয়া আপুনি কি কৰিব ? হয়, আমি কিয় ভালকৈ শুব পৰা নাই আৰু কিয় আমি পৰ্যাপ্ত টোপনি হোৱা নাই ? ইয়াৰ বাবে আমি নিজেই দায়ী । চিকিৎসা বিজ্ঞানৰ মতে এজন ব্যক্তিক জিৰণি ল’বলৈ ৭ৰ পৰা ৮ ঘন্টা গভীৰ টোপনিৰ প্ৰয়োজন হয় । কিছু লোকে ৰাতি টোপনি হেৰুৱাই গোটেই ৰাতি বিচনাত ইপিঠি-সিপিঠি কৰি থাকিব ৱগা হয় । গতিকে গভীৰ টোপনিৰ বাবে ১০ টা পদক্ষেপ বা টিপছ মানি চলাৰ বাবে বহু বিশেষজ্ঞই পৰামৰ্শ দিয়ে ।
আৰামদায়ক পোছাক-
শুই থকাৰ সময়ত টান কাপোৰ পিন্ধিব নালাগে, ইয়াৰ ফলত গোটেই ৰাতি শৰীৰটো অস্থিৰ হৈ পৰে আৰু ভালদৰে শুব নোৱাৰিব পাৰে । গতিকে শুবলৈ হ’লে কেৱল ঢিলা নাইট ছুটহে পিন্ধিব লাগে ।
অন্ধকাৰ কোঠা আৰু শান্তি-
গভীৰ টোপনিৰ বাবে কোঠাটো আন্ধাৰ কৰি ৰাখিব লাগে আৰু কোঠাটোৰ পৰিৱেশ একেবাৰে শান্ত হ’ব লাগে । কোঠাটোৰ আন্ধকাৰ আৰু শান্তিয়ে আপোনাৰ টোপনি বিঘ্নিত নকৰে ।
গেজেট ব্যৱহাৰ নকৰিব-
মোবাইল আৰু লেপটপ ব্যৱহাৰ নকৰিব আৰু শুবলৈ যোৱাৰ এঘণ্টা আগতে টিভি নচাব । এনে কৰিলে মন শান্ত হ’ব আৰু মন শান্ত হোৱাৰ বাবে টোপনি ভাল হ’ব ।
কুহুমীয়া পানীৰে গা ধুব-
শোৱাৰ আধা ঘণ্টা আগতে কুহুমীয়া পানীৰে গা ধুব । ই শৰীৰৰ সকলো পেশী মুকলি কৰে আৰু তাৰ পিছত সিহঁতে গোটেই ৰাতি ভালদৰে কাম কৰিব আৰু শৰীৰে বিশ্ৰাম পাব ।
কিতাপ পঢ়ক-
শুবলৈ যোৱাৰ আগতে ভাল কাহিনীৰ কিতাপ পঢ়ক । কিতাপ পঢ়িলে মন শান্ত হয় আৰু শান্ত মনত টোপনি অতি গভীৰভাৱে আহে ।
ধ্যান নিদ্ৰা-
ধ্যানে টোপনি উন্নত কৰে আৰু ৰাতি বাৰে বাৰে উঠাৰ সমস্যাও আঁতৰ কৰে । তেনেদৰে শোৱাৰ আগতে ধ্যান কৰক ।
ব্যায়াম নকৰিব-
শোৱাৰ আগতে অলপো ব্যায়াম নকৰিব । ই শৰীৰক ভাগৰুৱা কৰি তোলে আৰু ভাগৰুৱা শৰীৰত টোপনি গভীৰতালৈ নাযায় ।
আহাৰ পাতলকৈ খাব-
ৰাতিৰ আহাৰৰ পাতলকৈ খাবলৈ চেষ্টা কৰক । ৰাতি অধিক খাদ্য খোৱাৰ বাবে, সোনকালে হজম নহয় আৰু তাৰ পিছত গোটেই ৰাতি অস্থিৰতাই দেখা দিয়ে ।
সুৰা আৰু কেফেইন-
শোৱাৰ আগতে সুৰা আৰু কেফেইনৰ দৰে কোনো নিচাযুক্ত দ্ৰব্য সেৱন নকৰিব । ই টোপনিৰ ওপৰত বেয়া প্ৰভাৱ পেলায় ।