ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদী আক্ৰমণৰ ঘটনাত শোক প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে । অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নক্সালক দেশৰ পৰা নিৰ্মূল কৰাৰ প্ৰতিজ্ঞা কৰি কয় যে জোৱানসকলৰ বলিদান অথলে নাযায় । শ্বাহে কয় যে আই ই ডি বিস্ফোৰণত ডি আৰ জি জোৱানৰ বলিদানৰ খবৰ পাই মই গভীৰ দুখ পাইছোঁ । বীৰ জোৱান সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।
শ্বাহে আৰু কয় যে এই দুখক শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ, কিন্তু মই আপোনালোকক আশ্বস্ত কৰিছো যে আমাৰ জোৱানসকলৰ ত্যাগ অথলে নাযায় । আমি ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতত নক্সালবাদৰ অন্ত পেলাম । উল্লেখ্য যে যোৱা দুবছৰত ৰাজ্যখনৰ নিৰাপত্তা বাহিনীক মাওবাদীয়ে কৰা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ আক্ৰমণ আৰু ২০২৫ চনৰ প্ৰথমটো আক্ৰমণ ।
बीजापुर (छत्तीसगढ़) में IED ब्लास्ट में DRG के जवानों को खोने की सूचना से अत्यंत दु:खी हूँ। वीर जवानों के परिजनों के प्रति गहरी संवेदनाएँ व्यक्त करता हूँ। इस दुःख को शब्दों में व्यक्त कर पाना असंभव है, लेकिन मैं विश्वास दिलाता हूँ कि हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा। हम…
— Amit Shah (@AmitShah) January 6, 2025
সোমবাৰে বিজাপুৰৰ কুট্ৰু পথত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ বাহনত আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । এই ঘটনাত এজন চালক আৰু ৮গৰাকী জোৱান শ্বহীদ হয় । লগতে আন কেইবাগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে । বাহনখনত যাত্ৰা কৰা মুঠ জোৱানৰ সংখ্যাৰ তথ্য এতিয়াও পোৱা হোৱা নাই । জানিব পৰা মতে নক্সাল অভিযানৰ পৰা উভতি আহি আছিল নিৰাপত্তাৰক্ষীৰ দলটো । এই সময়ছোৱাতে কুট্ৰু পথত নক্সালবাদীয়ে তেওঁলোকক এম্বুছ কৰি আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । চত্তিশগড়ত অবিৰত অভিযানৰ বাবে নক্সাল হতাশ হৈ পৰিছে যাৰ বাবে জোৱানক লক্ষ্য কৰি লৈছে ।