শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰায়ে দুৰ্বল হৈ পৰে । এনে পৰিস্থিতিত চৰ্দি, শৰীৰৰ বিষ, জ্বৰ আদি সঘনাই হোৱা পৰিলক্ষিত হয় । যদিও চৰ্দি হোৱাটো স্বাভাৱিক, কিন্তু এই সমস্যা দীৰ্ঘদিন ধৰি থাকিলে গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে । শীতকালত এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয় । শীতকালত আমাৰ খাদ্য তালিকাত স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰাৰ লগতে ঘৰতে লঘু ব্যায়াম বা যোগাসন কৰিও শৰীৰটো সুস্থ কৰি ৰাখিব পাৰি । ইয়াৰ দ্বাৰা শৰীৰ সদায় সুস্থ হৈ থাকিব আৰু আপুনি ফিট আৰু সাস্থ্যৱান হৈ থাকিব ।
শৰীৰটো সুস্থ ৰাখিবলৈ শীতকালত কি খাব লাগে-
শুকান ফল/ড্ৰাই ফ্ৰুটছ-
শীতকালত শুকান ফল খোৱাৰ ফলত শৰীৰত পৰ্যাপ্ত পৰিমাণৰ শক্তি পোৱা যায় । ইয়াৰ উপৰিও শুকান ফল গৰম, সেয়েহে শীতকালত শুকান ফল খালে শৰীৰটোও গৰম হৈ থাকে । এই বতৰত চৰ্দি আৰু কাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আলমণ্ড, কিচমিচ, বাদাম, কাজু আৰু আখৰোট খাব পাৰে আৰু লগতে খেজুৰ খাব পাৰে, ই শৰীৰৰ বাবে অতি উপকাৰী ।
তিল-
শীতকালত তিল খোৱাটো অতি উপকাৰী । তিলত আঁহ, ভিটামিন ই, কেলচিয়াম, প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে । তিলৰ সেৱনে শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে আৰু পাচনতন্ত্ৰ শক্তিশালী কৰে । ঠাণ্ডা বতৰত তিল খালে ভিতৰৰ পৰা শৰীৰ গৰম হৈ থাকে ।
গুড়-
গুড় সেৱন কৰাটো শৰীৰৰ বাবে অতি উপকাৰী । গুড়ৰ উষ্ণতাৰ প্ৰভাৱ থাকে, সেয়েহে শীতকালত গুড় খালে শৰীৰ গৰম হৈ থাকে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পাব পাৰি । গুড় পোনপটীয়াকৈ খাব পাৰে বা গুড় চাহ, গুড়ৰ লাডু বনাই খাব পাৰে ।
খেজুৰ-
শীতকালত খেজুৰ খোৱাটো অতি উপকাৰী । ভিটামিন-এ, ভিটামিন-বি, কেলচিয়াম, পটাছিয়াম আৰু অন্যান্য ভিটামিন ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ সেৱনে ঠাণ্ডাৰ প্ৰভাৱ কমায় । শীতকালত খাদ্য তালিকাত নিয়মিতভাৱে খেজুৰ অন্তৰ্ভুক্ত কৰি শৰীৰটো গৰম কৰি ৰাখিব পাৰে ।
সেউজীয়া শাক-পাচলি-
প্ৰতিটো ঋতুতে সেউজীয়া শাক-পাচলি খোৱাটো উপকাৰী । সেউজীয়া শাক-পাচলি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । শীতকালত বজাৰত বহু প্ৰকাৰৰ সেউজীয়া শাক-পাচলি পোৱা যায় । কচু, মেথি, সৰিয়হ শাক আদি খাব পাৰে । শীতকালত মূলতঃ খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক ।
( এই প্ৰতিবেদনে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰিছে । ই কোনো প্ৰকাৰে চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ নিজৰ চিকিৎসকৰ পৰামৰ্শ ল’ব ।)