পুৱা শোৱাৰ পৰা উঠি বহু লোকে কফি খাই। অৱষাদ দূৰ কৰিবৰ বাবে দিনটোত বহু কাপ কফি খায়। কফি যে শৰীৰৰ বাবে ক্ষতিকৰ তেনে একেবাৰে নহয় । মানসিক চাপ দূৰ কৰাৰ পৰা আৰম্ভ কৰি ওজন কমোৱা পর্যন্ত— কফিৰ গুণৰ বাহুল্য আছে । অৱশ্যে মাত্রাধিক কফি খোৱাৰ অভ্যাসে মাতি আনিব পাৰে বিপদ ।
১) অধিক কফি খালে তাৰ প্রতি আসক্তি বাঢ়ি থাকে । নির্দিষ্ট সময়ৰ ব্যৱধানত কফি নখপালে মেজাজ বেয়া হৈ থাকে । মানসিক অবসাদ আহিব পাৰে ।

২)কেফিনে হৃদযন্ত্রতো প্রভাৱ পেলায় । ইয়াৰ প্রভাৱত হৃদস্পন্দন বাঢ়ি যায় । এনেকি ৰক্তচাপো নিয়ন্ত্রণত নাথাকে ।

৩) যিসকলে প্রচুৰ পৰিমাণে কফি খাৰ, তেওঁলোকৰ অনেকৰ টোপনি কমি যায় । ফলত মস্তিষ্কৰ কামো ব্যাহত হয় ।

৪) কিন্তু এই কফিয়ে ছালখন উজ্জ্বল কৰাত সহায় কৰে।চেহেৰাৰ লগতে শৰীৰৰ মৃত ছাল আৰু জমা হোৱা লেতেৰাৰ পৰা পৰিত্ৰাণ পাবলৈ কফিৰ গুৰি ব্যৱহাৰ কৰিব পাৰে । ই এক উৎকৃষ্ট স্ক্ৰাবিং এজেণ্ট ।
৫) সীমিতভাৱে কফিৰ পৰিমাণে দেহৰ চৰ্বি কমোৱাত সহায় কৰে।