ইজৰাইলে ২০২৪ চনৰ ৮ অক্টোবৰত লেবাননৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।ইয়াৰ পিছতে আইডিএফে লেবাননৰ ওপৰত ভয়ংকৰ বিমান আক্ৰমণ আৰম্ভ কৰিছিল।
য’ত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰাল্লাহকো হত্যা কৰা হৈছিল। যাৰ পিছত হিজবুল্লাহ যোদ্ধাসকলে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছিল।
এই যুদ্ধই ইতিমধ্যে অতি আক্ৰমণাত্মক ৰূপ লৈছে। ইজৰাইলে লেবাননত বিমান আক্ৰমণ চলাই আছে, আনহাতে হিজবুল্লাহই ইজৰাইলী অঞ্চলসমূহকো লক্ষ্য কৰি লৈছে। তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ।
ইজৰাইলী সেনা আৰু হিজবুল্লাহ যুঁজাৰুসকলৰ মাজত এক ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে।দক্ষিণ লেবাননৰ বিণ্ট জেবিল জিলাৰ আইতাৰুন গাঁৱৰ উপকণ্ঠত ইজৰাইলী বাহিনী আৰু হিজবুল্লাহ যোদ্ধাসকলৰ মাজত তীব্ৰ যুঁজ আৰম্ভ হৈছে।
দুয়োফালৰ পৰা প্ৰচণ্ড গুলীবৰ্ষণ হৈছে। ৬ জন ইজৰাইলী সেনা হতাহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পূৰ্বে, একেটা অঞ্চলতে হিজবুল্লাহ আৰু ইজৰাইলী সৈন্যৰ মাজত ভয়ংকৰ গুলীবৰ্ষণ হৈছিল। য’ত এক ডজনতকৈও অধিক ইজৰাইলী সৈন্য নিহত হৈছিল।