দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টি ত্যাগ কৰা আটাইকেইজন বিধায়কে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । শুকুৰবাৰে দলৰ পৰা পদত্যাগ কৰিছিল আটাইকেইজন বিধায়কে । দল ত্যাগৰ পিছদিনাই এতিয়া সকলোৱে বিজেপিত যোগদান কৰে ।
বিজেপিত যোগদান কৰা বিধায়ক কেইজন হ’ল ত্ৰিলোকপুৰীৰ বিধায়ক ৰোহিত মেহৰৌলিয়া, জনকপুৰীৰ বিধায়ক ৰাজেশ ঋষি, কস্তুৰবা নগৰৰ বিধায়ক মদনলাল, পালামৰ বিধায়ক ভৱনা গৌৰ, মেহৰৌলীৰ বিধায়ক নৰেশ যাদৱ, আদৰ্শ নগৰৰ বিধায়ক পৱন শৰ্মা, বিজৱাসনৰ বিধায়ক বি এছ জোন আৰু মাডিপুৰৰ বিধায়ক গিৰিশৰ ।
আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰা বিধায়কসকলে নিজৰ পত্ৰত উল্লেখ কৰিছিল যে আপ দলটো যি সৎ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠা হৈছিল তাৰ পৰা সম্পূৰ্ণৰূপে বিচ্যুত হৈছে । আম আদমী পাৰ্টিৰ দুৰ্দশা অত্যন্ত হতাশা জনক ।