মহাকাশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৱৰ্জনা পৃথিৱীৰ কক্ষপথৰ বাবে মাৰাত্মক হৈ পৰিছে । ই কেছলাৰ চিনড্ৰমৰ ৰূপত সংঘৰ্ষৰ আগতীয়া সতৰ্কবাণী দিছে । ইয়াৰ ফলত পৃথিৱীৰ কক্ষপথত উপগ্ৰহ পৰিচালনা কৰাত অসুবিধাৰ সৃষ্টি হ’ব । পৃথিৱীৰ কক্ষপথত মহাকাশৰ ধ্বংসাৱশেষৰ ফলত সৃষ্টি হোৱা সমস্যাৰ তাত্ত্বিক আৰ্হি হৈছে কেছলাৰ চিনড্ৰম । এই আৰ্হি মতে মহাকাশত আৱৰ্জনা বৃদ্ধি হ’লে পৃথিৱীৰ কক্ষপথত সংঘৰ্ষ বৃদ্ধি পাব আৰু ইয়াৰ ফলত অধিক আৱৰ্জনাৰ সৃষ্টি হ’ব । এইদৰে মহাকাশত অৱৰ্জনাৰ সমস্যা আৰু বৃদ্ধি পাব । ইয়াৰ ফলত অধিক আৱৰ্জনা সৃষ্টি হ’ব ।
নাছাৰ বিজ্ঞানী ড’নাল্ড জে কেছলাৰে ১৯৭৮ চনত এই তত্ত্ব প্ৰৱৰ্তন কৰিছিল, গতিকে ইয়াক তেওঁৰ নামেৰে জনা যায় । নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনৰ বিশেষজ্ঞসকলে কয় যে কেছলাৰ চিণ্ড্ৰমে এনে এটা প্ৰভাৱৰ কল্পনা কৰিছে য’ত এটা সংঘৰ্ষৰ ধ্বংসাৱশেষে পৰৱৰ্তী প্ৰভাৱক আগুৱাই লৈ যায় । ইয়াৰ ফলত মহাকাশৰ ধ্বংসাৱশেষৰ এক বিপজ্জনক ডাৱৰৰ সৃষ্টি হয় যিয়ে উপগ্ৰহৰ কাৰ্যকলাপ আৰু মহাকাশ অন্বেষণত দশক দশক বা তাতোকৈ অধিক সময়ৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে ।
১ৰ পৰা ১০ চে.মি.ৰ ভিতৰত আছে প্ৰায় ৯ লাখ টুকুৰা-
২০২৪ চনলৈকে প্ৰায় ৮০টা ভিন্ন চৰকাৰী মহাকাশ সংস্থাৰ অস্তিত্ব আছিল । ইয়াৰ ভিতৰত আছে ৭০টাতকৈও অধিক ৰাষ্ট্ৰীয় মহাকাশ সংস্থা আৰু অসংখ্য আন্তঃৰাষ্ট্ৰীয় সংস্থা । এই সকলোবোৰ মহাকাশত সক্ৰিয় । ইউৰোপীয় মহাকাশ সংস্থা (ESA)ৰ অনুমান অনুসৰি পৃথিৱীৰ কক্ষপথত ১০ চে.মি.তকৈ ডাঙৰ ৩৪ হাজাৰতকৈও অধিক ধ্বংসাৱশেষ আছে । নাছাই কৈছে যে জানুৱাৰী ২০১৯ লৈকে অনুমান কৰা হৈছিল যে ১ ছেমি (০.৩৯ ইঞ্চি)তকৈ সৰু ১২৮ কোটিতকৈও অধিক আৱৰ্জনা আৰু ১ ৰ পৰা ১০ চেমিৰ ভিতৰত প্ৰায় ৯ কোটি টুকুৰা আছিল ।
মহাকাশত বিপদ অহৰহ বাঢ়ি গৈ আছে-
পৃথিৱীক প্ৰদক্ষিণ কৰি থকা ৪৭ হাজাৰতকৈ অধিক বস্তু আৰু অগণন সৰু সৰু খণ্ডৰ বাবে বিপদ আৰু অধিক বুলি বিশেষজ্ঞসকলে কয় । প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই এই সম্ভাৱ্য সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ অসংখ্য অনুশীলন চলায় আৰু উপগ্ৰহ পৰিচালকসকলে সঘনাই সতৰ্কবাণী লাভ কৰে । বিশেষজ্ঞসকলে কয় যে কেছলাৰ চিনড্ৰম হৈছে আটাইতকৈ বেয়া পৰিস্থিতি য’ত কক্ষপথত একক সংঘৰ্ষ বা বিস্ফোৰণে ধ্বংসাৱশেষৰ প্ৰভাৱৰ শৃংখল আৰম্ভ কৰে, যাৰ ফলত মহাকাশত আৱৰ্জনাবোৰৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পায় ।
বৃহৎ ধ্বংসাৱশেষত ১০ চে.মি. বা তাতকৈ অধিক টুকুৰা অন্তৰ্ভুক্ত-
বৃহৎ ধ্বংসাৱশেষক ১০ চে.মি. বা তাতকৈ ডাঙৰ বুলি গণ্য কৰা হয় । ২০১৯ চনত ইহঁতৰ সংখ্যা আছিল ৩৪ হাজাৰ আৰু ২০২৩ চনৰ জুন মাহৰ ভিতৰত কমেও ৩৭ হাজাৰ আছিল । ইয়াৰ বাহিৰেও এনে লাখ লাখ সৰু বস্তু আছে যিবোৰক অনুসৰণ কৰাটো অধিক কঠিন ।