সোমবাৰে (৩ ফেব্ৰুৱাৰী) সন্ধিয়া ৬ বজাত দিল্লী বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হয় । ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ফলাফল ঘোষণা কৰা হ’ব । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজনৈতিক দলৰ ডাঙৰ ডাঙৰ নেতাসকলে জনসাধাৰণৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে । ৫ ফেব্ৰুৱাৰীত দিল্লীৰ ১.৫৬ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।
এগজিট প’লৰ ওপৰত নিষেধাজ্ঞা কেতিয়ালৈ ?
ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে ৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ এগজিট প’ল নিষিদ্ধ কৰিছিল । এই সন্দৰ্ভত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়েও এক নিৰ্দেশ জাৰি কৰিছে । নিৰ্বাচন আয়োগে নিজৰ আদেশত সৰ্বসাধাৰণ ৰাইজৰ বিশেষকৈ নিউজ ব্যুৰো, মিডিয়া হাউচ, ৰেডিঅ’ আৰু টেলিভিছন চেনেল আদিৰ মনোযোগ ভাৰতীয় নিৰ্বাচন আয়োগৰ নং ৫৭৬/এগজিট /২০২৫/এছডিআৰ/পাৰ্ট-১ৰ অধিসূচনাত দিবলৈ জনোৱা হৈছে বুলি জানিবলৈ দিয়ে । ইয়াৰ দ্বাৰা এগজিট প’ল, অ’পিনিয়ন প’ল বা অন্য কোনো নিৰ্বাচনী সমীক্ষাৰ ফলাফল ছপা বা ইলেক্ট্ৰনিক মিডিয়াত বা অন্য কোনো ধৰণে প্ৰকাশ কৰাটো নিষিদ্ধ কৰা হৈছে ।
ভোটদানৰ বাবে ১৩ হাজাৰ ৭৬৬টা ভোটকেন্দ্ৰ-
দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি দিল্লীত ভোটগ্ৰহণৰ বাবে ১৩ হাজাৰ ৭৬৬টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে । ৮৩.৭৬ লাখ পুৰুষ, ৭২.৩৬ লাখ মহিলা আৰু ১২৬৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে । বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত হৈছে ৭৩৩টা ভোটগ্ৰহণ কেন্দ্ৰ ।
ঘৰৰ পৰাই ভোটদান কৰিলে ৬৯৮০ জন লোকে-
জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধাৰ অধীনত ৭৫৫৩ জন যোগ্য ভোটাৰৰ ভিতৰত ইতিমধ্যে ৬৯৮০ জন লোকে ভোটদান কৰিছে । ২৪ জানুৱাৰীৰ পৰা ঘৰৰ পৰা ভোটদানৰ সুবিধা আৰম্ভ হৈছে আৰু ই ৪ ফেব্ৰুৱাৰীলৈকে চলিব ।
আচৰণ বিধি উলংঘাৰ ১০০০ৰো অধিক গোচৰ পঞ্জীয়ন-
৭ জানুৱাৰীৰ পৰা আচৰণ বিধি বলবৎ হোৱাৰ পিছত আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত ১০০০ৰো অধিক গোচৰ ৰুজু কৰা হৈছে ।
দিল্লীত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ ২২০টা কোম্পানী-
দিল্লীত অৰ্ধসামৰিক বাহিনীৰ ২২০টা কোম্পানী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে । ১৯ হাজাৰ হোমগাৰ্ড আৰু ৩৫ হাজাৰ ৬২৬ দিল্লী আৰক্ষী জোৱানকো মোতায়েন কৰা হৈছে ।