ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ অন্তত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । জয়শংকৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজৰ সৈতেও বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছত ৱাশ্বিংটন ডিচিত কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত জয়শংকৰে অংশগ্ৰহণ কৰে । এই বৈঠকত তেওঁৰ আমেৰিকান সমকক্ষৰ লগতে জাপানৰ বৈদেশিক মন্ত্ৰী তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙো উপস্থিত আছিল ।
Delighted to meet @secrubio for his first bilateral meeting after assumption of office as Secretary of State.
— Dr. S. Jaishankar (@DrSJaishankar) January 21, 2025
Reviewed our extensive bilateral partnership, of which @secrubio has been a strong advocate.
Also exchanged views on a wide range of regional and global issues.
Look… pic.twitter.com/NVpBUEAyHK
জয়শংকৰে এক্সৰ এটা পোষ্টত কয় যে মাৰ্কো ৰুবিঅ’ই বিদেশ সচিব হিচাপে দায়িত্ব লোৱাৰ পিছত তেওঁৰ প্ৰথমখন দ্বিপাক্ষিক বৈঠকৰ বাবে লগ পোৱাটো এক আনন্দৰ কথা । য’ত আমি আমাৰ ব্যাপক দ্বিপাক্ষিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিলোঁ, যাৰ বাবে ৰুবিঅ’ এক শক্তিশালী সমৰ্থক হৈ আহিছে । লগতে তেওঁৰ পোষ্টত জয়শংকৰে কয় যে আমি বহুতো আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত মত বিনিময় কৰিলোঁ । আমাৰ কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী ।
ইয়াৰ পূৰ্বে ৰুবিঅ’ই নিজৰ কাৰ্যকালৰ প্ৰথম দিনাই কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে কাম আৰম্ভ কৰে । বৈঠকৰ পূৰ্বে কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলে নিজৰ দেশৰ পতাকাৰ সন্মুখত ৰুবিঅ’ৰ সৈতে ফটো উঠিছিল ।