টি-২০ শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ । দেওবাৰে শৃংখলাৰ পঞ্চম আৰু অন্তিমখন মেচত ১৫০ ৰানত জয়লাভ কৰে টিম ইণ্ডিয়াই । ৪-১ ব্যৱধানত শৃংখলা দখল কৰে ভাৰতীয় দলে । মুম্বাইত টিম ইণ্ডিয়াৰ হৈ শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় অভিষেক শৰ্মাই । বিস্ফোৰক শতক অর্জন কৰাৰ উপৰিও তেওঁ ২টা উইকেটো দখল কৰে ৷ এই মেচখনত অভিষেকে বহু অভিলেখ ভংগ কৰে । এই মেচত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ল শিৱম ডুবে । ইংলেণ্ডৰ হৈ ফিলিপ ছল্টে অৰ্ধশতক অৰ্জন কৰে ।
প্ৰথমে বেটিং কৰি ভাৰতে ২৪৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত অভিষেকে ১৩৫ ৰানৰ ইনিংছ খেলে । শিৱম ডুবেই ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ দলটো মাত্ৰ ৯৭ ৰানতে আত্মসমৰ্ণৰ্ণ কৰে । টিম ইণ্ডিয়াৰ বেটছমেনৰ পিছত ৱাংখেড়েত ষ্টেডিয়ামত বলাৰসকলেও উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় ।