বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক তিক্ত হৈ পৰিছে যদিও দুয়োখন দেশৰ মাজত বাণিজ্য এতিয়াও অব্যাহত আছে । এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতে জলপথযোগে চুবুৰীয়া দেশলৈ ১৬,৪০০ টন চাউল প্ৰেৰণ কৰিছে । প্ৰতিবেদন অনুসৰি ভাৰতে প্ৰেৰণ কৰা চাউলৰ এয়া দ্বিতীয়টো কিস্তি, যি শনিবাৰে মংগলা বন্দৰত উপস্থিত হয় ।
সংবাদ সংস্থাটোৰ মতে, বাংলাদেশৰ এখন বাতৰি কাকতে পুৱা ১৬,৪০০ টন চাউল কঢ়িয়াই অনা দুখন জাহাজ বন্দৰত উপস্থিত হোৱা বুলি প্ৰকাশ কৰিছে । মংগলা খাদ্য নিয়ন্ত্ৰক কাৰ্যালয়ৰ তথ্য অনুসৰি বাংলাদেশে ভাৰতৰ পৰা তিনি লাখ টন চাউল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে, ইয়াৰে ৪০ শতাংশ মংগলা বন্দৰত আৰু বাকীখিনি চট্টগ্ৰাম বন্দৰত নমোৱা হ’ব ।
২০ জানুৱাৰীত আহিছিল প্ৰথম কিস্তি-
পানামা পতাকাযুক্ত জাহাজ বি এম চি আলফাই উৰিষ্যাৰ ধামৰা বন্দৰৰ পৰা বাংলাদেশলৈ ৭,৭০০ টন চাউল আনিছিল, আনহাতে থাইলেণ্ডৰ পতাকাযুক্ত এম ভি চি ফৰেষ্টে কলকাতা বন্দৰৰ পৰা চুবুৰীয়া দেশলৈ ৮,৭০০ টন কঢ়িয়াই লৈ গৈছিল । বাতৰি অনুসৰি, ভাৰতৰ পৰা আমদানিৰ অধীনত প্ৰথম কিস্তি ২০ জানুৱাৰীত বাংলাদেশত উপস্থিত হৈছিল, যেতিয়া ভিয়েটনামৰ পতাকাযুক্ত জাহাজ এম ভি পুথান-৩৬-ত ৫,৭০০ টন চাউল কঢ়িয়াই নিছিল ।