ভাৰতীয়-আমেৰিকান সংগীতজ্ঞ তথা উদ্যোগী চন্দ্ৰিকা টেণ্ডনে ‘ত্ৰিবেনী’ এলবামৰ বাবে শ্ৰেষ্ঠ নিউ এজ, এম্বিয়েণ্ট বা চাণ্ট এলবাম শিতানত গ্ৰেমী বঁটা লাভ কৰিছে । ৰেকৰ্ডিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা ৬৭ সংখ্যক সংস্কৰণৰ সৰ্ববৃহৎ সংগীত বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে লছ এঞ্জেলছৰ ক্ৰিপ্টো ডট কম এৰিনাত অনুষ্ঠিত হয় ।
চন্দ্ৰিকাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া-
চন্দ্ৰিকা এগৰাকী বিশ্বব্যাপী ব্যৱসায়িক নেত্ৰী আৰু পেপচিকোৰ প্ৰাক্তন চি ই অ’ ইন্দ্ৰা নুয়ীৰ জ্যেষ্ঠ ভগ্নী । তেওঁৰ সহযোগী দক্ষিণ আফ্ৰিকাৰ বাঁহীবাদক ৱাউটাৰ কেলাৰমেন্স আৰু জাপানী চেলিষ্ট এৰু মাটছুমোটোৰ সৈতে এই বঁটা লাভ কৰে । চেন্নাইত জন্মগ্ৰহণ কৰা সংগীত শিল্পীগৰাকীয়ে গ্ৰেমী বঁটা লাভ কৰাৰ পিছতে আনন্দ প্ৰকাশ কৰিছে । ৰেকৰ্ডিং একাডেমীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘এয়া আচৰিত অনুভৱ হৈছে ।‘
এই শিতানত মনোনীত হৈছিল-
শ্ৰেষ্ঠ নিউ এজ, এম্বিয়েণ্ট বা চান্ট এলবাম শাখাৰ আন মনোনীতসকলৰ ভিতৰত আছে ৰিকি কেজৰ ব্ৰেক অৱ ডন, ৰ্যুইচি সাকামোটোৰ অপাছ, অনুষ্কা শংকৰৰ চেপ্তাৰ ২: হাউ ডাৰ্ক ইট ইজ বিফোৰ ডন আৰু ৰাধিকা ভেকাৰিয়াৰ ৱাৰিয়ৰ্ছ অৱ লাইট । তেওঁ কয়, এই শিতানত আমাৰ সঁচাকৈয়ে কিছুমান ডাঙৰ মনোনীত ব্যক্তি আছিল । আমি এই বঁটা লাভ কৰাটো আমাৰ বাবে সঁচাকৈয়ে এক বিশেষ মুহূৰ্ত । আমাৰ কেইবাজনো প্ৰতিভাৱান সংগীতজ্ঞকো মনোনীত কৰা হৈছিল ।
দ্বিতীয়বাৰৰ বাবে গ্ৰেমী মনোনয়ন লাভ কৰে চন্দ্ৰিকা টেণ্ডনে-
বঁটা গ্ৰহণ কৰাৰ সময়ত আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে সংগীত হৈছে প্ৰেম, সংগীত হৈছে পোহৰ, আৰু সংগীত হৈছে হাঁহি আৰু আহক আমি সকলোৱে প্ৰেম, পোহৰ আৰু হাঁহিৰে আগুৰি থাকোঁ । সংগীতৰ বাবে ধন্যবাদ আৰু সংগীত নিৰ্মাণ কৰা সকলো লোককে ধন্যবাদ । ২০০৯ চনৰ ‘ছ’ল কল’ৰ পিছত এয়া চন্দ্ৰিকা টেণ্ডনৰ দ্বিতীয়টো গ্ৰেমী মনোনয়ন আৰু প্ৰথম জয় ।
‘ত্ৰিবেণী’ত সাতটা গীত-
২০২৪ চনৰ ৩০ আগষ্টত মুক্তি পোৱা ‘ত্ৰিবেণী’ এলবামটোৰ সাতটা ট্ৰেক আছে, য’ত আছে “পাথৱে টু লাইট”, “চাণ্ট ইন এ”, “জাৰ্নি উইথিন”, “এথাৰ চেৰেনেড”, “এন্সিয়েণ্ট মুন”, “অপেন স্কাই”, আৰু “শক্তিৰ সন্ধান”।