দালাই লামালৈ গ্ৰেমী বঁটা: সহ্য কৰিব পৰা নাই চীনে, প্ৰকাশ কৰিলে ক্ষোভ

দালাই লামাক গ্ৰেমী বঁটা প্ৰদানক লৈ ক্ষোভিত চীন । দেশখনে দালাই লামাক গ্ৰেমী বঁটা প্ৰদান কৰাক গৰিহণা দিছে ।

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক গ্ৰেমী বঁটা প্ৰদানক লৈ ক্ষোভ প্ৰকাশ কৰিছে চীনে । সোমবাৰে চীনে দালাই লামাক গ্ৰেমী বঁটা প্ৰদান কৰাক গৰিহণা দি কয় যে তেওঁলোকে গ্ৰেমী বঁটাক “চীন বিৰোধী কাৰ্য্যকলাপ”ৰ বাবে ব্যৱহাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰে ।

দেওবাৰে লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত দালাই লামৰ এলবাম “মেডিটেচনছ: দ্য ৰিফ্লেকচনছ অৱ হিজ হলিনেছ দ্য দালাই লামা”ৰ বাবে শ্ৰেষ্ঠ অডিঅ’বুক, নেৰেচন এণ্ড ষ্ট’ৰীটেলিং ৰেকৰ্ডিং শাখাত প্ৰথম গ্ৰেমী লাভ কৰে ।

দালাই লামাই এই বঁটা লাভ কৰা সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা মন্তব্য বিচৰাত মুখপাত্ৰ লিন জিয়ানে কয় যে ৯০ বছৰীয়া আধ্যাত্মিক নেতাগৰাকীয়ে ধৰ্মৰ নামত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলাই আছে ।

প্ৰেছ ব্রিফিঙত লিন জিয়ানে কয় যে দালাই লামা কেৱল এজন ধৰ্মীয় ব্যক্তি নহয় । তেওঁ কয় যে, দালাই লামা ধৰ্মৰ আৱৰণত চীন বিৰোধী বিচ্ছিন্নতাবাদী কাৰ্যকলাপত নিয়োজিত ৰাজনৈতিক নিৰ্বাসিত । চীন বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেমী বঁটা ব্যৱহাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছো ।

ইফালে বঁটা লাভ কৰাৰ পিছতে দালাই লামাই কয় যে গ্ৰেমী বঁটা লাভ কৰাটো ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ আমাৰ ভাগ-বতৰা কৰা বিশ্বব্যাপী দায়িত্বৰ স্বীকৃতিহে । এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দালাই লামাই কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “মই এই সন্মান কৃতজ্ঞতা আৰু নম্ৰতাৰে গ্ৰহণ কৰোঁ । মই ইয়াক ব্যক্তিগত বুলি নাভাবো, বৰঞ্চ আমাৰ ভাগ-বতৰা কৰা বিশ্বব্যাপী দায়িত্বৰ স্বীকৃতি বুলি গণ্য কৰোঁ ।”

লগতে পঢ়ক : এটা সৰু ভুল আৰু জ্বলি উঠিব আমেৰিকাঃ ট্ৰাম্পক চৰম সকীয়নি ইৰাণৰ

দালাই লামাই ৰচিলে ইতিহাস; অডিঅ’বুকৰ বাবে লাভ কৰিলে প্ৰথম গ্ৰেমী বঁটা

লছ এঞ্জেলছত ৬৮ সংখ্যক গ্ৰেমী বঁটা ২০২৬ৰ আৰম্ভণি হয়। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত দালাই লামাই গ্ৰেমী বঁটা লাভ কৰিছে ।

দেওবাৰে অনুষ্ঠিত হোৱা ৬৮ সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটাৰ পৰিৱেশ আৰম্ভণিৰে পৰাই উত্তেজনা আৰু উৎসাহেৰে ভৰি পৰিছিল।সংগীতৰ এই বৃহৎ নিশাটোত উদ্যোগটোৰ বহু কিংবদন্তি উপস্থিত আছিল।

লেডী গাগা, জাষ্টিন বিবাৰৰ পৰা আৰম্ভ কৰি ফেৰেল উইলিয়ামছলৈকে সকলোৱে গ্ৰেমী বঁটাত অনুষ্ঠান পৰিৱেশন কৰিছিল।

গ্ৰেমী বঁটা মূলত এক সন্মানীয় সংগীত বঁটা,কিন্তু এইবাৰৰ অনুষ্ঠানটো বহু কাৰণত অতি বিশেষ আৰু এক বিশ্বব্যাপী অনুষ্ঠান হৈ পৰিছে।

এইবাৰ তিব্বতী বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক নেতা দালাই লামাই অডিঅ’বুক, নেৰেচন আৰু ষ্ট’ৰীটেলিং ৰেকৰ্ডিং শাখাত তেওঁৰ প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰি ইতিহাস ৰচনা কৰে।

এই শিতানত তেওঁ আনকি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কেতঞ্জী ব্ৰাউন জেকচনকো পিছ পেলাই।তেওঁৰ এলবাম ‘মেডিটেচন: দ্য ৰিফ্লেকচনছ অৱ হিজ হলিনেছ দ্য দালাই লামা’ৰ বাবে তেওঁ এই সন্মান লাভ কৰে।

গ্ৰেমী বঁটা লাভ কৰাৰ পিছত দালাই লামাই ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে।দালাই লামাক তিব্বতী বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা হিচাপে গণ্য কৰা হয়।

সামাজিক মাধ্যমত তেওঁ লিখিছে যে, এই সন্মান মই কৃতজ্ঞতা আৰু নম্ৰতাৰে গ্ৰহণ কৰিছো।এই বঁটাটোক মই ব্যক্তিগত বুলি নাভাবো, বৰঞ্চ আমাৰ সকলোৰে ফালৰ পৰা সাৰ্বজনীন দায়বদ্ধতাৰ স্বীকৃতিহে বুলি গণ্য কৰোঁ।

মই বিশ্বাস কৰো যে শান্তি, মমতা, পৰিৱেশ সুৰক্ষা, আৰু মানৱতাৰ ঐক্য আমাৰ সকলো ৮ বিলিয়ন লোকৰ মংগলৰ বাবে অতি প্ৰয়োজনীয়। মই আশাকৰোঁ এই গ্ৰেমী সন্মানে আমাৰ বাৰ্তা অধিক লোকৰ মাজলৈ বিয়পোৱাত সহায় কৰিব।

লগতে পঢ়ক: পৰিচালক ৰোহিত শ্বেট্টীৰ বাসগৃহলৈ দুৰ্বৃত্তৰ গুলীচালনা…

ভাৰতীয়-আমেৰিকান সংগীতজ্ঞ চন্দ্ৰিকা টেণ্ডনে লাভ কৰিলে গ্ৰেমী..‘ত্ৰিবেনী’ এলবামৰ বাবে গ্ৰেমী লাভ কৰিলে পুৰস্কাৰ

ভাৰতীয়-আমেৰিকান সংগীতজ্ঞ তথা উদ্যোগী চন্দ্ৰিকা টেণ্ডনে ‘ত্ৰিবেনী’ এলবামৰ বাবে শ্ৰেষ্ঠ নিউ এজ, এম্বিয়েণ্ট বা চাণ্ট এলবাম শিতানত গ্ৰেমী বঁটা লাভ কৰিছে । ৰেকৰ্ডিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা ৬৭ সংখ্যক সংস্কৰণৰ সৰ্ববৃহৎ সংগীত বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে লছ এঞ্জেলছৰ ক্ৰিপ্টো ডট কম এৰিনাত অনুষ্ঠিত হয় ।

চন্দ্ৰিকাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া-

চন্দ্ৰিকা এগৰাকী বিশ্বব্যাপী ব্যৱসায়িক নেত্ৰী আৰু পেপচিকোৰ প্ৰাক্তন চি ই অ’ ইন্দ্ৰা নুয়ীৰ জ্যেষ্ঠ ভগ্নী । তেওঁৰ সহযোগী দক্ষিণ আফ্ৰিকাৰ বাঁহীবাদক ৱাউটাৰ কেলাৰমেন্স আৰু জাপানী চেলিষ্ট এৰু মাটছুমোটোৰ সৈতে এই বঁটা লাভ কৰে । চেন্নাইত জন্মগ্ৰহণ কৰা সংগীত শিল্পীগৰাকীয়ে গ্ৰেমী বঁটা লাভ কৰাৰ পিছতে আনন্দ প্ৰকাশ কৰিছে । ৰেকৰ্ডিং একাডেমীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘এয়া আচৰিত অনুভৱ হৈছে ।‘

এই শিতানত মনোনীত হৈছিল-

শ্ৰেষ্ঠ নিউ এজ, এম্বিয়েণ্ট বা চান্ট এলবাম শাখাৰ আন মনোনীতসকলৰ ভিতৰত আছে ৰিকি কেজৰ ব্ৰেক অৱ ডন, ৰ্যুইচি সাকামোটোৰ অপাছ, অনুষ্কা শংকৰৰ চেপ্তাৰ ২: হাউ ডাৰ্ক ইট ইজ বিফোৰ ডন আৰু ৰাধিকা ভেকাৰিয়াৰ ৱাৰিয়ৰ্ছ অৱ লাইট । তেওঁ কয়, এই শিতানত আমাৰ সঁচাকৈয়ে কিছুমান ডাঙৰ মনোনীত ব্যক্তি আছিল । আমি এই বঁটা লাভ কৰাটো আমাৰ বাবে সঁচাকৈয়ে এক বিশেষ মুহূৰ্ত । আমাৰ কেইবাজনো প্ৰতিভাৱান সংগীতজ্ঞকো মনোনীত কৰা হৈছিল ।

দ্বিতীয়বাৰৰ বাবে গ্ৰেমী মনোনয়ন লাভ কৰে চন্দ্ৰিকা টেণ্ডনে-

বঁটা গ্ৰহণ কৰাৰ সময়ত আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে সংগীত হৈছে প্ৰেম, সংগীত হৈছে পোহৰ, আৰু সংগীত হৈছে হাঁহি আৰু আহক আমি সকলোৱে প্ৰেম, পোহৰ আৰু হাঁহিৰে আগুৰি থাকোঁ । সংগীতৰ বাবে ধন্যবাদ আৰু সংগীত নিৰ্মাণ কৰা সকলো লোককে ধন্যবাদ । ২০০৯ চনৰ ‘ছ’ল কল’ৰ পিছত এয়া চন্দ্ৰিকা টেণ্ডনৰ দ্বিতীয়টো গ্ৰেমী মনোনয়ন আৰু প্ৰথম জয় ।

‘ত্ৰিবেণী’ত সাতটা গীত-

২০২৪ চনৰ ৩০ আগষ্টত মুক্তি পোৱা ‘ত্ৰিবেণী’ এলবামটোৰ সাতটা ট্ৰেক আছে, য’ত আছে “পাথৱে টু লাইট”, “চাণ্ট ইন এ”, “জাৰ্নি উইথিন”, “এথাৰ চেৰেনেড”, “এন্সিয়েণ্ট মুন”, “অপেন স্কাই”, আৰু “শক্তিৰ সন্ধান”।