ভয়ংকৰ বনজুইয়ে বিধ্বস্ত কৰাৰ পিছত এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত এক বিপদজনক বৰফৰ ধুমুহাই জোকাৰী গৈছে। মঙলবাৰে দক্ষিণ আমেৰিকাত ১,৫০০ মাইলতকৈও অধিক বেগত তুষাৰপাত হৈছিল।
বৰফৰ ধুমহাৰ ফলত এই পৰ্যন্ত ১২ জনকৈ লোকৰ মৃত্যু হৈছে। মঙলবাৰে ৰাতিপুৱা দক্ষিণ-পশ্চিম টেক্সাছত ১২ কোটি লোক ভয়ংকৰ তুযাৰপাতৰ কবলত পৰিছে।
দক্ষিণ-পশ্চিম টেক্সাছৰ ৰাস্তা, নদী, পাহাৰ সকলোতে বৰফ জমা হৈছে। প্ৰতিঘন্টাত ১০০ মাইল বেগত আহিছে এই বৰফৰ ধুমুহা। এই তুষাৰপাতৰ ফলত ২০ খনতকৈ অধিক প্ৰদেশত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা।
বৰফৰ ফলত বন্ধ হৈ পৰিছে সকলো ৰাজপথ। ভয়ংকৰ তুষাৰপাতৰ ফলত স্কুল, কলেজ, বজাৰ-সমাৰৰ লগতে বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। কেইবাচনো চহৰত এই তুষাৰপাতৰ ফলত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা।