প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ’) ওড়িশাৰ উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা থলুৱাভাৱে নিৰ্মিত দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰিছে । এই হাইপাৰছ’নিক মিছাইল ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো সেৱাৰ বাবে ১৫০০ কিলোমিটাৰতকৈও অধিক দূৰত্বলৈ বিভিন্ন পেলোড কঢ়িয়াই নিব পৰাকৈ ডিজাইন কৰা হৈছে । হায়দৰাবাদৰ ড০ এ পি জে আব্দুল কালাম মিছাইল কমপ্লেক্সৰ পৰীক্ষাগাৰৰ লগতে ডি আৰ ডি অ’ৰ অন্যান্য পৰীক্ষাগাৰ আৰু উদ্যোগৰ অংশীদাৰসকলে থলুৱাভাৱে এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে । শনিবাৰে ডি আৰ ডি অ’ আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিজ্ঞানীসকলৰ উপস্থিতিত উৰণ পৰীক্ষা সম্পন্ন কৰা হয় ।
India has achieved a major milestone by successfully conducting flight trial of long range hypersonic missile from Dr APJ Abdul Kalam Island, off-the-coast of Odisha. This is a historic moment and this significant achievement has put our country in the group of select nations… pic.twitter.com/jZzdTwIF6w
— Rajnath Singh (@rajnathsingh) November 17, 2024
ইয়াৰ বিশেষত্ব-
-ইয়াৰ গতি শব্দতকৈ পাঁচগুণ বেছি ।
-শব্দতকৈ ইয়াৰ গতি বেছি দ্ৰুত হোৱাৰ বাবে ইয়াক সহজে অনুসৰণ কৰিব নোৱাৰি ।
-এই মিছাইলত ক্ৰুজ আৰু বেলিষ্টিক মিছাইল দুয়োটাৰে বৈশিষ্ট্য আছে ।
-মাটিত বা আকাশত লক্ষ্যক টাৰ্গেট কৰি ল’ব পাৰে ।
-ই সম্পূৰ্ণ থলুৱা ।
এই হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সশস্ত্ৰ বাহিনী আৰু উদ্যোগক অভিনন্দন জ্ঞাপন কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এক পোষ্টযোগে কয় যে, ‘ওড়িশাৰ উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰি ভাৰতে এক বৃহৎ সাফল্য লাভ কৰিছে । ই এটা ঐতিহাসিক মুহূৰ্ত আৰু এই গুৰুত্বপূৰ্ণ কৃতিত্বই আমাৰ দেশক এনে গুৰুত্বপূৰ্ণ আৰু উন্নত সামৰিক প্ৰযুক্তিৰ সামৰ্থ্য থকা নিৰ্বাচিত দেশৰ গোটত অন্তৰ্ভুক্ত কৰিছে ।’ সিঙে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), ইয়াৰ বাবে সশস্ত্ৰ বাহিনী আৰু উদ্যোগত এইদৰে অভিনন্দন জনায় ।