আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীন, কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত তিনিওখন দেশেই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কানাডা আৰু মেক্সিকোৱে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক ঘোষণা কৰাৰ বিপৰীতে চীনে বিশ্ব ব্যৱসায় সংস্থাত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে । কানাডা আৰু মেক্সিকোৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰিছে ট্ৰাম্পে ।
বিশ্ব ব্যৱসায় সংস্থাৰ ওচৰত অভিযোগ কৰিব চীনে-
আমেৰিকাৰ শুল্কৰ বিৰুদ্ধে বিশ্ব বাণিজ্য সংস্থাত গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছে চীনে । চীনৰ বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘চীনে চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত ১০ শতাংশ শুল্ক লোৱাৰ দৃঢ় বিৰোধিতা কৰিছে আৰু তীব্ৰ নিন্দা কৰিছে । চীনে বিশ্ব ব্যৱসায় সংস্থাত গোচৰ তৰি নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে উপযুক্ত প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব ।’
কানাডাইও আৰোপ কৰিলে শুল্ক-
আনহাতে, কানাডাইও আমেৰিকাৰ শুল্কৰ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছে আৰু ১৫৫ বিলিয়ন ডলাৰৰ আমেৰিকাৰ আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে । কানাডাৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই কথা ঘোষণা কৰিছে । ট্ৰাম্পৰ ঘোষণাৰ কিছু সময়ৰ পাছতে ট্ৰুডোৱে এটা টুইটত মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ সৈতে অতি সোনকালে কথা পাতিব বুলি কয় আৰু ইতিমধ্যে তেওঁৰ মন্ত্ৰীসভাৰ সৈতে এই বিষয়ত আলোচনা কৰিছে ।
তেওঁ কয়, ‘আমি এইটো বিচৰা নাছিলো, কিন্তু কানাডা সাজু ।’ ট্ৰুডোৱে এখন সংবাদমেলত কয় যে এই শুল্কই কেইবছৰমান পূৰ্বে হোৱা মুক্ত বাণিজ্য চুক্তি উলংঘা কৰিছে । ইয়াৰ ফলত আমেৰিকাৰ জনসাধাৰণৰ বাবে গুৰুতৰ পৰিণতি হ’ব ।
মেক্সিকোৱেও দিলে উত্তৰ-
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ বিপৰীতে মেক্সিকোৱেও শুল্ক আৰোপ কৰিছে । মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে শনিবাৰে কয় যে আমেৰিকাই মেক্সিকান সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত তেওঁৰ অৰ্থনীতি মন্ত্ৰীক মেক্সিকোৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে শুল্ক আৰু অশুল্ক ব্যৱস্থা আৰোপ কৰিবলৈ নিৰ্দেশ দিছে ।
শ্বেইনবামে এক্সৰ এটা পোষ্টত কয় যে তেওঁৰ চৰকাৰে আমেৰিকাৰ সৈতে সহযোগিতা আৰু আলোচনা বিচাৰে, সংঘাত নহয় । বাওঁপন্থী নেত্ৰী ক্লাউডিয়া শ্বেইনবামে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে উত্তেজনা শান্ত কৰিবলৈ বাৰে বাৰে চেষ্টা চলাইছে ।