ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি কিছু সময় পিছত চেন্নাইত অনুষ্ঠিত হ’ব । কিন্তু এই মেচৰ ঠিক পূৰ্বে টিম ইণ্ডিয়াই লাভ কৰিছে ডাঙৰ আঘাত । আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে দলটোৰ দুগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰিংকু সিং আৰু নীতিশ কুমাৰ ৰেড্ডীক দলৰ পৰা বাদ দিয়া বুলি জানিবলৈ দিছে । তেওঁলোকৰ ঠাইত শিৱম ডুবে আৰু ৰমনদীপ সিঙক সুযোগ দিয়া হৈছে । ডুবে আৰু ৰমনদীপে এই পৰ্যন্ত ভাল প্ৰদৰ্শন দেখুৱাইছে ।
শনিবাৰে সন্ধিয়া বি চি চি আইয়ে নিজৰ অফিচিয়েল ৱেবছাইটত এই তথ্য শ্বেয়াৰ কৰি কয় যে ৰিংকু আৰু নীতিশক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হৈছে । শুকুৰবাৰে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় ৰেড্ডী । পাঁচখনীয়া মেচৰ টি-২০ ছিৰিজৰ পৰা আঁতৰি আছে তেওঁ । নীতিশ ৰেড্ডীক বাংগালুৰুলৈ প্ৰেৰণ কৰা হ’ব । তাত চিকিৎসা দলে তেওঁৰ যত্ন ল’ব ।
🚨 NEWS 🚨
— BCCI (@BCCI) January 25, 2025
Medical Updates: Nitish Kumar Reddy & Rinku Singh
Details 🔽 #TeamIndia | #INDvENG | @IDFCFIRSTBankhttps://t.co/hu3OdOG16J
বৰ্তমান টি-২০ৰ দুখন মেচৰ পৰা আঁতৰি আছে ৰিংকু-
টিম ইণ্ডিয়াৰ পৰা বাদ পৰিছে আন এজন নিৰ্ভৰযোগ্য বেটছমেন ৰিংকু সিং । তেওঁৰ পিঠিৰ আঘাতৰ সমস্যাত ভুগিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচত ৰিংকুৱে সমস্যাত ভুগিছিল । এতিয়া তেওঁ বি চি চি আইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে । ৰিংকুৱে ভাল অগ্ৰগতি লাভ কৰিছে । বৰ্তমান দ্বিতীয় আৰু তৃতীয় টি-২০ৰ পৰা আঁতৰি আছে ৰিংকু । যদি তেওঁ সম্পূৰ্ণ ফিট হয় তেন্তে তেওঁক চতুৰ্থ টি-২০ মেচত খেলা দেখা যাব ।
ডুবে আৰু ৰমনদীপে পালে সুযোগ-
ৰিংকু আৰু ৰেড্ডীক বাদ দিয়াৰ পিছত ভাৰতে শিৱম ডুবে আৰু ৰমনদীপ সিঙক দলত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে । এই দুয়োগৰাকী খেলুৱৈয়ে বহুবাৰ নিজৰ যাদু দেখুৱাইছে । ডুবেৰ ঘৰুৱা প্ৰদৰ্শন আকৰ্ষণীয় । আই পি এলতো তেওঁ নিজৰ যাদু দেখুৱাইছে ।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ বৰ্তমানৰ দল : সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল, সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী , ৰবি বিষ্ণই, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শিৱম ডুবে, ৰমনদীপ সিং ।