লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ কৃতিত্ব আৰু উন্নয়নৰ পৰিকল্পনাৰ তালিকা উপস্থাপন কৰাৰ সমান্তৰালকৈ বিৰোধী দলক চোকা আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ স্বচ্ছতা অভিযানক উপহাস কৰা হৈছিল, কিন্তু শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়ৰ পৰা আৱৰ্জনা বিক্ৰী কৰাৰ ফলত চৰকাৰৰ কোষাগাৰলৈ ২৩০০ কোটি টকা আহিছিল ।
তেওঁ আৰু কয় যে “WHOৰ পৰা অহা এক প্ৰতিবেদন অনুসৰি নল যোগে বিশুদ্ধ পানী উপলব্ধ হোৱাৰ বাবে অন্যান্য ৰোগত খৰচ কৰা পৰিয়ালসমূহৰ বাবে গড়ে ৪০ হাজাৰ টকা ৰাহি হৈছে । এনে বহু আঁচনিয়ে সাধাৰণ মানুহৰ খৰচ ৰাহি কৰাত সহায় কৰিছে । তেওঁ কয়, “বিনামূলীয়া খাদ্য শস্য আৰু বিনামূলীয়া বিদ্যুতৰ দ্বাৰা হাজাৰ হাজাৰ টকাৰ সকাহ পোৱা গৈছে, এল ই ডি বাল্বৰ দ্বাৰা বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস পাইছে, যাৰ ফলত দেশবাসীৰ বাবে ২০ হাজাৰ কোটি টকা ৰাহি হৈছে । Soil Health Card আঁচনিয়ে প্ৰতি একৰত ৩০ হাজাৰ টকা ৰাহি কৰিছে । ২০১৪ চনৰ পৰা ইয়াৰ পূৰ্বে কৰ ৰেহাই আছিল ২ লাখ টকা পৰ্যন্ত, এতিয়া ১২ লাখ পৰ্যন্ত কৰ ৰেহাই দিয়া হৈছে ।”
পূৰ্বৰ চৰকাৰক কটাক্ষ-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এবিংশ শতিকা”ৰ শ্লোগান দিয়াসকলে ২০ শতিকাৰ প্ৰয়োজনীয়তাও পূৰণ কৰিব নোৱাৰিলে । আৰ কে লক্ষ্মণৰ কাৰ্টুনত – য’ত এখন বিমান ঠেলি নিয়া দেখুওৱা হৈছিল – তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ বাস্তৱতাৰ পৰা দূৰত্ব দেখুৱাইছিল ।
যুৱক-যুৱতী আৰু নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়ক
তেওঁ প্ৰশ্নবোধক সুৰত সোধে, “ভাৰত কিয় গেমিং কেপিটেল হ’ব নোৱাৰে ? পাৰমাণৱিক শক্তি খণ্ড মুকলি কৰা হ’ল । এ আই, থ্ৰীডি প্ৰিন্টিং, ৰবটিক্স, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে ক্ষেত্ৰত ভাৰতক আগুৱাই নিয়া হৈছে ।”
চৰকাৰ গঠন হোৱাৰ লগে লগে যুৱক-যুৱতীসকলে চাকৰি পালে-
কংগ্ৰেছক উপহাস কৰি তেওঁ কয়, “কিছুমান দলে যুৱক-যুৱতীক মিছা প্ৰতিশ্ৰুতি দিয়ে, নিবনুৱা ভাট্টা দিয়াৰ কথা কয়, কিন্তু সেইবোৰ পূৰণ নকৰে । দেশে হাৰিয়ানাত দেখিছে আমি কেনেকৈ কাম কৰো । আমি কোনো উৎকোচ অবিহনে চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিলো আৰু চৰকাৰ গঠন হোৱাৰ লগে লগে যুৱকসকলে চাকৰি লাভ কৰিছিল । ইয়াৰ ফলাফল হৈছে হাৰিয়ানাত এক বিশাল বিজয় ।”
সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত গুৰুত্ব-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি সংবিধানৰ ভাৱনা অনুসৰণ কৰোঁ, আমি বিষাক্ত ৰাজনীতি নকৰো । আমি দেশৰ ঐক্যক অগ্ৰাধিকাৰ দিওঁ আৰু সেয়েহে আমি চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি, ‘ষ্টেচু অব ইউনিটি’ নিৰ্মাণ কৰোঁ, যিটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ।